
নিউজ ডেস্ক। কৰ্তব্যৰত বিএছএফ কনিষ্টবলৰ ৰাইফল আৰু গুলীভৰ্তি মেগজিন চুৰি কৰি বাংলাদেশলৈ পলাই গ’ল দুৰ্বৃত্ত।
এই আশ্বৰ্যকৰ কাণ্ড সংঘটিত হৈছে পশ্চিমবংগৰ বছিৰহাটৰ ভাৰত-বাংলাদেশ সীমান্তৰ গোজাডাঙাত।
এই ঘটনা সংঘটিত হোৱাৰ পিছতে গোজাডাঙা আৰু বাংলাদেশৰ ভোমৰাৰ মাজত পন্য সামগ্ৰীৰ সৰবৰাহ বন্ধ কৰি দিয়া হয়।
বিএছএফে চুৰি ইনচাছ ৰাইফল আৰু মেগজিনৰ সন্ধানত অভিযান আৰম্ভ কৰিছে।

বিএছএফ আৰু আৰক্ষীৰ সূত্ৰঅনুসৰি, বিএছএফৰ ১৫৩ বেটেলিয়নৰ এগৰাকী মহিলা কনিষ্টবলে মঙলবাৰে গোজাডাঙা সীমান্তত কৰ্তব্যৰত আছিল। তেওঁ গোজাডাঙা দলঙৰ পৰা কিছু দূৰত এটা পাৰ্কিং লটত কৰ্তব্য সম্পাদন কৰি আছিল।
পুৱতি নিশা কৰ্তব্যৰ সময়তে চিলমিলকৈ টোপনি যায় বিএছএফৰ কনিষ্টবলগৰাকী। আৰু সেই সময়তে চেগ বুজি অচিনাক্ত দুৰ্বৃত্তই তেওঁৰ ইনচাছ ৰাইফল আৰু ২০ ৰাউণ্ড গুলী চুৰি কৰি পলায়ন কৰে।
পুৱা টোপনিৰ পৰা সাৰ পাই যেতিয়া মহিলা কনিষ্টবলগৰাকীয়ে তেওঁৰ ৰাইফলটো নেদেখে, তাৰ পিছতে হাহাকাৰ লাগে। লগে লগে তেওঁ বিএছএফৰ উৰ্ধ্বতন কৰ্তৃপক্ষক এই সন্দৰ্ভত অৱগত কৰাত বিএছএফ আৰু বছিৰহাট আৰক্ষীয়ে অঞ্চলটোত ঘৰে ঘৰে গৈ তালাচী চলায়।
কিন্তু এতিয়ালৈকে ৰাইফল আৰু মেগজিন উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে।
প্ৰাথমিক অনুসন্ধান অনুসৰি, মহিলা কনিষ্টবল গৰাকীৰ অসাৱধনতাৰ বাবে দুৰ্বৃত্তই তেওঁৰ ৰাইফল আৰু মেগজিন চুৰি কৰিবলৈ সক্ষম হয়।
দুৰ্বৃত্তই কনিষ্টবলগৰাকীৰ ৰাইফলটো লৈ বাংলাদেশলৈ পলায়ন কৰাৰ সন্দহ কৰিছে আৰক্ষী আৰু বিএছএফে।
লগতে চাওকঃ
প্ৰৱঞ্চক ভাবী স্বামীক গ্ৰেপ্তাৰৰ পিছত এইবাৰ SI জােনমিণ ৰাভাৰ নাম সাঙোৰ খাই পৰিছে প্ৰৱঞ্চনাত
