অসম
ক্ৰমাৎ সুস্থ হৈ উঠিছে ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰেগিং কাণ্ডৰ ভুক্তভোগী আনন্দ শৰ্মা…

ক্ৰমাৎ সুস্থ হৈ উঠিছে ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰেগিং কাণ্ডৰ ভুক্তভোগী আনন্দ শৰ্মা।
বিশেষজ্ঞ চিকিত্সকৰ তত্বাৱধানত চলি আছে আনন্দ শৰ্মাৰ চিকিত্সা।
চিকিৎসকৰ পৰামৰ্শ অনুসৰি লাহে লাহে খোজ কাঢ়িবলৈ যত্ন কৰিছে আনন্দ শৰ্মাই।
আনন্দৰ হাত, ভৰি লৰাইছে বিশেষজ্ঞৰ দলে, সম্পন্ন কৰা হৈছে কেইবাটাও স্বাস্থ্য পৰীক্ষা।
উল্লেখ্য যে, ৰেগিঙৰ বলি হৈ হাস্পতালৰ বিচনাত জীৱন-মৃত্যুৰে যুঁজিব লগা হৈছিল আনন্দ শৰ্মাই।
বিশেষজ্ঞ চিকিত্সকৰ দ্বাৰা কেইবাটাও জটিল এস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰাৰ পিছত কিছু পৰিমানে সুস্থ হৈ উঠিছে আনন্দ শৰ্মা।
ইতিমধ্যেই আৰক্ষীয়ে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত কঠোৰ স্থিতি গ্ৰহণ কৰি ঘটনাৰ সৈতে জড়িত কেইবাজনো ছাত্ৰক গ্ৰেপ্তাৰ কৰিছে।
অৱশ্যে বৰ্তমানো পলাতক অৱস্থাত আছে ঘটনাৰ মূল অভিযুক্ত ৰাহুল ছেত্ৰী।