এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ত ৰেগিঙৰ ঘটনা! জ্যেষ্ঠ ছাত্ৰৰ অত্যাচাৰত আঘাতপ্ৰাপ্ত কনিষ্ঠ ছাত্ৰ, চিকিৎসাধীন

এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ত ভয়ংকৰ ৰেগিঙৰ ঘটনা।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডই উদঙাইছে ন ন শিক্ষানুষ্ঠানৰ ৰেগিঙৰ অধ্যায়।

এইবাৰ জ্যেষ্ঠ ছাত্ৰৰ অত্যাচাৰত আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন কনিষ্ঠ ছাত্ৰ।

ৰেগিঙৰ নামত অকথ্য নিৰ্যাতন হোষ্টেলৰ আৱাসীক।

বিশ্ববিদ্যালয়ৰ RCC-3 হোষ্টেলৰ এগৰাকী আৱাসীক নিৰ্যাতন।

ৰেগিঙৰ বলি হোৱা আৱাসীগৰাকী হৈছে হজৰত আলী।

জ্যেষ্ঠ ছাত্ৰৰ অত্যাচাৰত আঘাতপ্ৰাপ্ত হজৰত আলী বৰ্তমান চিকিৎসাধীন।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসা কৰি আছে ছাত্ৰগৰাকীয়ে।

২৭ মাৰ্চতেই সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনা।

তাৎপৰ্যপূৰ্ণ গুৱাহাটী বিশ্ববিদ্যালয়ে গোটেই ঘটনাটোক গাপ দি ৰাখিছিল।

ৰেগিঙত জড়িত জ্যেষ্ঠ ছাত্ৰৰ বিৰুদ্ধে ব্যৱস্থা নোলোৱাৰ অভিযোগ।