fbpx
অসম

কেবিনেট বৈঠকঃ চিকিৎসা মহাবিদ্যালয়ত প্ৰতিটো জনগোষ্ঠীৰ বাবে দুখনকৈ আসন বৃদ্ধিৰ সিদ্ধান্ত…

ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক।

জনতা ভৱনত অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক।

কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত সমূহ সংবাদমেলযোগে সদৰি কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।

সেই অনুসৰি, গুণোৎসৱত A+ গ্ৰেড পোৱা ৰাজ্যৰ ৪৮০০ খন বিদ্যালয়লৈ ২৫ হাজাৰ কৈ টকা প্ৰদানৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ।

চিকিৎসা মহাবিদ্যালয়ত প্ৰতিটো জনগোষ্ঠীৰ বাবে দুখনকৈ আসন বৃদ্ধিৰ সিদ্ধান্ত।

মৰান, মটক, চুতীয়া, চাহ জনগোষ্ঠীৰ বাবে বিশেষভাৱে দুখনকৈ আসন বৃদ্ধিৰ সিদ্ধান্ত।

চাহ বাগানৰ ক্ষেত্ৰতো বোনাচ দিয়াৰ বাবে বিশেষ আঁচনি মুকলি কৰা সিন্ধান্ত। ইয়াৰ বাবে ১৮.০২কোটি টকা মুকলাই দিব চৰকাৰে।

আনহাতে সৌৰ শক্তি উৎপাদনৰ ক্ষেত্ৰতো আগবাঢ়ি যোৱাৰ বাবে বিশেষ সিদ্ধান্ত।

ফিচাৰী বিভাগৰ আধিনত থকা বিল সমুহ সৌৰ শক্তি উৎপাদনৰ বাহে ব্যৱহাৰ কৰিব। অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (APDCL)ক এই সন্দৰ্ভত দ্বায়িত্ব দিয়া হৈছে। মাছৰ উৎপাদনত ক্ষতি নোহোৱাকৈ এই ব্যৱস্থা কৰা হ’ব।

আসাম ফ’ডাৰ মিচন গঠন কৰা হ’ব। গাখীৰ উৎপাদনৰ বাবে ঘাঁহ প্ৰস্তুত কৰা হ’ব।

৭বছৰৰ লক্ষ্যৰে ঘাঁহ উৎপাদন কৰি গাখীৰ উৎপাদন বৃদ্ধিৰ সিদ্ধান্ত লোৱা হৈছে আজিৰ কেবিনেটত।

কামৰূপ, যোৰহাট আৰু হাইলাকান্দিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাম আগবঢ়াবলৈ নিবলৈ ৪৬.৩৮ কোটি টকা আবন্তন।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!