অসম

ভয়ংকৰ দুৰ্ঘটনা! যাত্ৰীবাহী বাছ আৰু গ্ৰেণ্ড I-10 বাহনৰ মাজত মুখামুখি সংঘৰ্ষ, নিহত মহিলা চিকিৎসক…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

যাত্ৰীবাহী বাছ আৰু গ্ৰেণ্ড I-10 বাহনৰ মাজত মুখামুখি সংঘৰ্ষ।

দুৰ্ঘটনাত এগৰাকী মহিলা চিকিৎসকে প্ৰাণ হেৰুৱাই বুলি জানিব পৰা গৈছে।

নিহত মহিলা চিকিৎসক গৰাকীৰ নাম ডা° ৰিজুৱানা বেনজি (৩১) ৷

কাৱৈমাৰী চিকিৎসালয়ৰ চিকিৎসক আছিল নিহত ডা° ৰিজুৱানা বেনজি।

চিকিৎসক গৰাকীয়ে চলাই অহা আই টেন এ এছ ০৬ এ ই ৫০০৬ নম্বৰৰ গাড়ীখনক এ এছ ০১ এইচ চি ১৪৫০ নম্বৰৰ বাছে খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়।

image 179

বাছৰ খুন্দাত আই টেন গাড়ীখন সম্পূৰ্ণ ৰূপে বিধস্ত হয় আৰু চিকিৎসক গৰাকীক গাড়ীখন ভাঙি উদ্ধাৰ কৰে ৷

চিকিৎসক গৰাকীক ততাতৈয়াকৈ নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পিছলৈ মৃত্যু হয়।

অন্যহাতে বাছখনে ভুল পথেৰে অহাৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উঠিছে।

জানিব পৰা মতে, বাছখনে আৰক্ষী জোৱান কঢ়িয়াই আনিছিল ৷

উল্লেখ্য যে নিহত চিকিৎসক ডা° ৰিজুৱানাৰ ঘৰ নগাঁও চহৰৰ শইকীয়া মজজিদৰ ওচৰত ৷