ৰাষ্ট্ৰীয় ক্ৰীড়াত সফলতা লাভ কৰা প্ৰতিজন খেলুৱৈক দিয়া হ’ব চৰকাৰী চাকৰিঃ মুখ্যমন্ত্ৰী

২৭ ছেপ্টেম্বৰৰ পৰা গুজৰাটত অনুষ্ঠিত হ’ব ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা।

শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসম অলিম্পিক সন্থাৰ সভাপতি সৰ্বানন্দ সোণোৱালে মুকলি কৰিলে অসম দলটোৰ জাৰ্চী।

অসম দলটোৱে শীৰ্ষ ৫ টা স্থানৰ ভিতৰত থাকিব পাৰিব বুলি আশা প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে দ’প টেষ্টত যাতে অসমৰ খেলুৱৈ বিফল নহয় তাৰ বাবে সকলোকে সচেতন হ’বলৈ পৰামৰ্শ আগবঢ়োৱাৰ লগতে তেওঁলোকক কোনোবাই কিবা খাবলৈ দিলে নাখাবলৈও পৰামৰ্শ আগবঢ়ায়।

ৰাষ্ট্ৰীয় ক্ৰীড়াত সফলতা লাভ কৰা প্ৰতিজন খেলুৱৈক ৰাজ্য চৰকাৰে সংস্থাপন দিয়াৰ কথা প্ৰকাশ কৰি কয় যে, প্ৰতিযোগিতাখনত পদক পোৱা সকলো খেলুৱৈকে অৰ্হতা অনুসৰি চাকৰি দিয়া হ’ব।

তেওঁ ৰাজ্যৰ ক্ৰীড়া নীতিও সলনি কৰাৰ কথা উল্লেখ কৰি হাৰিয়ানাকে ধৰি অন্যান্য ৰাজ্যৰ ক্ৰীড়া নীতি অধ্যয়ন কৰি শীঘ্ৰে ৰাজ্যৰ ক্ৰীড়া নীতি সংশোধন কৰা হ’ব বুলি মন্তব্য কৰে।

অনুষ্ঠানটোত অসম অলিম্পিক সন্থাৰ সভাপতি সৰ্বানন্দ সোণোৱাল আৰু সম্পাদক লক্ষ্য কোঁৱৰৰ উপস্থিতিত তেওঁ অসম অলিম্পিক সন্থাক পৰম্পৰাগত খেলৰ প্ৰতিযোগিতাও অনুষ্ঠিত কৰিবলৈ পৰামৰ্শ আগবঢ়ায়।