কৃষকৰ সৈতে মাত নমতাৰ বিনিময়ত বিজেপিয়ে প্ৰস্তাৱ আগবঢ়াইছিল ৰাষ্ট্ৰপতি পদৰঃ ৰাজ্যপাল

নিউজ ডেস্ক। কৃষকৰ হৈ মাত নামাতিলে দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি নিযুক্ত কৰাৰ প্ৰলোভন দিছিল বিজেপি চৰকাৰে।

-এই বিস্ফোৰক দাবী মেঘালয়ৰ ৰাজ্যপাল সত্যপাল মালিকৰ।

বিজেপি চৰকাৰৰ কৃষকবিৰোধী নীতিৰ বিৰুদ্ধে সততে সৰৱ হৈ অহা ৰাজ্যপাল গৰাকীয়ে হাৰিয়ানাৰ জিন্দ জিলাৰ কান্দেলা গাঁৱত অনুষ্ঠিত এক অনুষ্ঠানত অংশ লৈ কয় যে তেওঁক দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি পদৰ প্ৰস্তাৱ দিছিল বিজেপিৰ কেইগৰাকীমান উচ্চ পৰ্যায়ৰ নেতাই। কিন্তু তাৰ বাবে তেওঁক কৃষক আৰু বিতৰ্কিত কৃষি আইনৰ বিৰুদ্ধে মাত নামাতিবলৈ আহ্বান জনোৱা হৈছিল।

G8 1
কৃষকৰ সৈতে মাত নমতাৰ বিনিময়ত বিজেপিয়ে প্ৰস্তাৱ আগবঢ়াইছিল ৰাষ্ট্ৰপতি পদৰঃ ৰাজ্যপাল 2

২০২৪ৰ লোকসভা নিৰ্বাচনত সকলো কৃষকক একত্ৰিত হৈ তেওঁলোকৰ নিজৰ চৰকাৰ গঠন কৰিবলৈ আহ্বান জনায় ৰাজ্যপাল মালিকে। ইয়াৰ বাবে তেওঁ নিজেও ৰাজ্যপাল হিচাপে অৱসৰ গ্ৰহণ কৰাৰ পিছত কাম কৰিব বুলি মন্তব্য কৰে।

উত্তৰ প্ৰদেশৰ এজন প্ৰবীণ জাট নেতা মালিকে কয়, “ৰাজ্যপাল হিচাপে মোৰ কাৰ্যকাল অহা ছয়ৰ পৰা সাত মাহৰ ভিতৰত অন্ত পৰিব। আৰু তাৰ পিছত মই উত্তৰ ভাৰতৰ সকলো কৃষকক একত্ৰিত কৰিবলৈ এক প্ৰচাৰ অভিযান আৰম্ভ কৰিম।”

ভাৰতীয় জনতা পাৰ্টীৰ নেতা হৈও প্ৰায়ে শাসকীয় দলটোক সমালোচনা কৰি অহা ৰাজ্যপাল সত্যপাল মালিকে ইয়াৰ পূৰ্বে কৃষক আন্দোলনৰ সময়ত প্ৰাণ হেৰুওৱা ৭০০ কৃষকক লৈও প্ৰধানমন্ত্ৰীক ক্ষুৰধাৰ সমালোচনা কৰিছিল।

তেওঁ পুনৰ কয়, “আমি ৭০০তকৈও অধিক কৃষকক হেৰুৱাইছো। কৃষকৰ এই মৃত্যু সন্দৰ্ভত প্ৰধানমন্ত্ৰীলৈ পত্ৰ লিখাৰ পিছতো তেওঁ শোক প্ৰকাশ কৰি এটা শব্দও উচ্চাৰণ নকৰিলে। কেন্দ্ৰীয় চৰকাৰে এমএছপিৰ ওপৰত আইনী গেৰাণ্টি দিয়াত ব্যৰ্থ হৈছে। কিয়নো তিনিখন কৃষি আইন অনাৰ আগতে পানীপথত ৫০ একৰ ভূমিত গুদাম নিৰ্মাণ কৰা প্ৰধানমন্ত্ৰীৰ বন্ধুজনে কম দামত ঘেঁহু ক্ৰয় কৰিব বিচাৰে আৰু অধিক মূল্যত বিক্ৰী কৰিব বিচাৰে।’’

কেন্দ্ৰীয় চৰকাৰে কৃষকৰ ওপৰত জাপি দিয়া কৃষি আইনৰ বিৰুদ্ধে সৰৱ হৈ থকা ৰাজ্যপাল সত্যপাল মালিকে লগতে কয়, ”প্ৰতিবাদকাৰী কৃষকক সপক্ষে কথা নক’লে মোক ৰাষ্ট্ৰপতিৰ পদৰ প্ৰস্তাৱ দিছিল মোৰ কেইগৰাকীমান বন্ধুৱে। তেওঁলোকে মোক প্ৰতিটো দিশৰ পৰা প্ৰলোভিত কৰিবলৈ চেষ্টা কৰিছে। কিন্তু মই তেওঁলোকৰ সকলো প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছো আৰু কৃষকসকলৰ সপক্ষে মাত মাতিছো… ৰাজ্যপাল আৰু ৰাষ্ট্ৰপতিৰ এই পদসমূহ একো নহয়।”

মালিকে কয়, “আমাৰ লোকসকলক এখন মঞ্চলৈ আনি দিল্লীৰ নেতাসকলক ক্ষমতাৰ পৰা উৎখাত কৰাৰ সময় আহি পৰিছে।”

উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচন সন্দৰ্ভত মন্তব্য কৰি মালিকে কয় যে বিজেপি নেতা আৰু মন্ত্ৰীসকলে পশ্চিম উত্তৰ প্ৰদেশৰ বহুতো গাঁৱত প্ৰৱেশ কৰিবলৈ সাহস নকৰিলে।

তেওঁ কয়, “মই পশ্চিম উত্তৰ প্ৰদেশৰ বহুতো গাওঁ ভ্ৰমণ কৰিছিলো। য’ত বিজেপি নেতাসকলৰ ওপৰত জনতাৰ ক্ষোভ মোৰ চকুত পৰিছিল। আনকি কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়েও কৃষকৰ ক্ষোভৰ সন্মুখীন হোৱাৰ পিছত কেইবা কিলোমিটাৰ দৌৰিব লগা হৈছিল।”

ৰাজ্যপালগৰাকীয়ে যোৱা বছৰ গণতন্ত্ৰ দিৱসৰ হিংসাৰ পিছত শিখ সম্প্ৰদায় আৰু কৃষকসকলক সন্ত্ৰাসবাদী আখ্যা দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰে। মালিকে কয়, “কৃষকসকলে লালকিল্লাৰ সন্মুখৰ এটা খুটাত নিচান চাহিব উত্তোলন কৰি একো ভুল কৰা নাছিল।”

Leave a Comment