নিউজ ডেস্কঃ মাত্ৰ ৯ বছৰৰ ভিতৰত বিশ্বৰ ধনাঢ্য ব্যক্তিৰ তালিকাত ৪৩৭ স্থানৰ পৰা ২ স্থানলৈ উত্তোৰণ ঘটা ভাৰতীয় পুঁজিপতি গৌতম আদানীৰ সৈতে কেনে সম্পৰ্ক প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ।
সংসদৰ মজিয়াত এই প্ৰশ্ন উত্থাপন কৰিয়েই বিজেপিৰ ৰোষত পৰিছিল কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধী। অৱশ্যেই ৰাহুল গান্ধীৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা বিৰত আছিল প্ৰধানমন্ত্ৰী।
আচলতে বিগত কিছু সময়ৰ পৰা জনপ্ৰিয়তা বৃদ্ধি পাইছিল ৰাহুল গান্ধীৰ। দেশৰ শক্তিশালী বিৰোধী নেতা হিচাপে ৰাহুল গান্ধীৰ উত্থানেও চিন্তিত কৰি ৰাখিছিল শাসকীয় দলটোক।
কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ প্ৰায় ৩০০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ভাৰত জোড়ো যাত্ৰাৰ সময়তে বহুবাৰ বিজেপিৰ আইটি চেলে অপপ্ৰচাৰ চলোৱাৰ চেষ্টা কৰিছিল ৰাহুল গান্ধীৰ বিৰুদ্ধে।
কেতিয়াবা যদি টি চাৰ্টক লৈ, কেতিয়াবা আকৌ ৰাহুল গান্ধীৰ হাতত হাত ধৰি খোজ লোৱা বোৰ্খা পিন্ধা কণমানিক লৈ ৰাহুল গান্ধীক জবাবদিহী কৰাৰ প্ৰয়াস কৰিছিল অমিত মালব্য নেতৃত্বাধীন আইটি চেলে।
কিন্তু ক’তো সফল হোৱা নাছিল শাসকীয় দলটো। ৰাহুল গান্ধীক সমালোচনা কৰি নিজেহে সমালোচিত হ’বলগীয়া হৈছিল।
ইয়াৰ পিছতে আহিল ৰাহুল গান্ধীৰ লণ্ডন ভ্ৰমণ। লণ্ডনত ৰাহুল গান্ধীয়ে প্ৰৱাসী ভাৰতীয়ক সম্বোধন কৰি কৰা মন্তব্যক লৈ সৰৱ হৈ পৰে বিজেপি।
কিন্তু এই সকলোবোৰেই সদনত উত্থাপিত আদানী-মোডীৰ সম্পৰ্কৰ প্ৰশ্নক প্ৰতিৰোধ কৰিবলৈ সক্ষম নোহোৱাত অৱশেষত ৰাহুল গান্ধীকে নসাৎ কৰাৰ পৰিকল্পনা আৰম্ভ হ’ল।
সুযোগ আছিলেই। ২০১৯ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাহুল গান্ধীয়ে মোডী উপাধিক লৈ কৰা এটা মন্তব্যৰ বাবে ইতিমধ্যেই ৰুজু হৈ আছিল গোচৰ।
চুৰাটৰ এখন আদালতে সেই গোচৰৰে ৰায়দান কৰি দোষী সাব্যস্ত কৰিলে কংগ্ৰেছৰ নেতাগৰাকীক। গান্ধীক ২ বছৰৰ কাৰাদণ্ডৰ শাস্তি বিহা হ’ল।
অৱশ্যে একেখন আদালতেই তেওঁৰ শাস্তি ৩০ দিনলৈ স্থগিতও ৰাখিলে, যাতে ৰাহুল গান্ধীয়ে এই ৰায়ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত আবেদন জনাব পাৰে।
আৰু এই ৰায়ৰ ২৪ ঘণ্টা নৌহওঁতেই এইবাৰ খাৰিজ কৰা হ’ল ৰাহুল গান্ধীৰ সাংসদ পদ! লোকসভা সচিবালয়ে ঘোষণা কৰিলে এই কথা।
উপৰোক্ত এই অভিযোগ আমাৰ নহয়। এই অভিযোগ কংগ্ৰেছৰ। কংগ্ৰেছ নেতাগৰাকীক ষড়যন্ত্ৰমূলকভাৱে চৰকাৰে দোষী সাব্যস্ত কৰাৰ লগতে তেওৰ সাংসদ পদ খাৰিজ কৰা বুলি অভিযোগ কৰিছে দলটোৰ আন নেতৃত্বই।
অভিযোগ উঠিছে- গণতন্ত্ৰ নিঃশেষ কৰাৰ ষড়যন্ত্ৰত নামি পৰিছে কেন্দ্ৰীয় চৰকাৰ।
ইডি-চিবিআইৰ দৰে তদন্তকাৰী সংস্থাৰ বিৰুদ্ধে অভিযোগ পূৰ্বৰে পৰাই আছে যে এই সংস্থাসমূহে কেন্দ্ৰীয় চৰকাৰৰ চাবি দিয়া পুতলাৰ দৰেই কাম কৰে।
বিগত ৮-৯ বছৰত এনে তদন্তকাৰী সংস্থাই বিভিন্ন অপৰাধত গ্ৰেপ্তাৰ কৰা বিৰোধী নেতাসকলৰ গ্ৰেপ্তাৰীয়ে এই অভিযোগ শক্তিশালী কৰে।
শেহতীয়াকৈ চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছে দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’ডিয়াক। তেতিয়াও সংস্থাটোৰ তদন্তৰ ওপৰত প্ৰশ্নৰ উত্থাপন হৈছিল।
একেটা তদন্তকাৰী সংস্থাই পিছতে মুকুল ৰয়, হিমন্ত বিশ্ব শৰ্মা, নাৰায়ণ ৰাণেৰ দৰে নেতাৰ বিৰুদ্ধে থকা গোচৰৰ তদন্ত কৰিবলৈ সক্ষম নহয়। কাৰণ তেওঁলোক এতিয়া বিজেপিৰ বৰ বৰ নেতা।
অৱশ্যে ন্যায়পালিকাৰ ওপৰত কম-বেছি পৰিমাণে হ’লেও সকলোৰে আস্থা আছিল। কিন্তু সেই আস্থাও বিগত কিছু বছৰত লাহে লাহে নোহোৱা হ’বলৈ ধৰিছে।
দেশৰ সৰ্বোচ্ছ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ যেতিয়া ৰাজ্যসভাৰ সাংসদৰূপে মনোনীত হয়, ন্যায়ালয়ৰ ন্যায়াধীশ যেতিয়া ৰাজ্যপাল ৰূপে নিযুক্ত হয়, তেতিয়া নিৰপেক্ষতাৰ আস্থাই বা থাকে কেনেকৈ!
এনে আস্থাহীনতাই ক্ৰমান্বয়ে ধ্বংসৰ মুখলৈ ঠেলি নিছে ভাৰতৰ শক্তিশালী গণতান্ত্ৰিক ব্যৱস্থাক। বিৰোধীয়ে এনে অভিযোগেই উত্থাপন কৰি আহিছে।
কংগ্ৰেছৰ মতে, ৰাহুল গান্ধীৰ বিৰুদ্ধে চুৰাট আদালতৰ ৰায়ো এক সন্দেহৰ বিষয়।
‘সকলো চোৰৰ উপাধি মোডী কিয় হয়’ বুলি প্ৰশ্ন কৰা ৰাহুল গান্ধী যদি দোষী, তেন্তে কংগ্ৰেছ নেত্ৰী ছোনীয়া গান্ধীক ‘জাৰ্ছি গাই’ আৰু ‘কংগ্ৰেছৰ বিধৱা’ বুলি অভিহিত কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নিৰ্দোষী কেনেকৈ হ’ল বুলি বিৰোধীয়ে তোলা প্ৰশ্নও নিশ্চয় অমূলক নহয়।
অসমীয়াত এষাৰ কথা আছে- জোৰ যাৰ, মুলুক তাৰ। দেশৰ ৰাজনীতিতো আজি সেই বাক্যশাৰীয়েই আখৰে আখৰে ৰূপায়ন হৈ আহিছে।
জনতাৰ অন্ধভক্তিৰে ভগৱানৰ শাৰীত উপনীত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনে শক্তি প্ৰদৰ্শনেৰে বিৰোধীক নিঃশেষ কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰি আহিছে বিৰোধীয়ে।