মহিলাক অশ্লীল ইংগিত! স্বামীৰ সকিয়নীৰ পিছতে গুলীবৰ্ষণ গৃহৰক্ষী জোৱানৰ, অৱশেষত ৰিজাৰ্ভ ক্ল’জ

নিউজ ডেস্ক। আদিৱাসী মহিলাক অশ্লীল ইংগিত। তাৰ পিছত স্বামীয়ে দিয়া সকিয়নীত খৰ্গহস্ত হৈ স্বামী-স্ত্ৰীলৈ লক্ষ্য কৰি গুলিবৰ্ষণ এগৰাকী গৃহৰক্ষী জোৱানৰ।

এই ঘটনা সংঘটিত হৈছে কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ সত্যপুৰত।

অভিযোগ অনুসৰি, সোমবাৰে দুপৰীয়া প্ৰায় ১২ বজাত গৃহৰক্ষী জোৱানৰ বেৰেকৰ কাষতে থকা চাওতাল জনগোষ্ঠীৰ এগৰাকী মহিলাক অশ্লীল ইংগিত দিয়ে সমল মুছাহাৰী নামৰ এজন গৃহৰক্ষী জোৱানে।

G5 14
মহিলাক অশ্লীল ইংগিত! স্বামীৰ সকিয়নীৰ পিছতে গুলীবৰ্ষণ গৃহৰক্ষী জোৱানৰ, অৱশেষত ৰিজাৰ্ভ ক্ল’জ 3

জোৱানজনৰ এনে অভদ্ৰ আচৰণৰ পিছত মহিলাগৰাকী স্বামীয়ে তেনে নকৰিবলৈ সমল মুছাহাৰীক সকিয়নী প্ৰদান কৰে।

তাতেই খৰ্গহস্ত হৈ পৰা গৃহৰক্ষী জোৱানজনে নিজৰ কাৰ্বাইন বন্দুকেৰে মহিলাগৰাকী আৰু তেওঁৰ স্বামীলৈ লক্ষ্য কৰি ৬ জাঁই গুলীচালনা কৰে।

অৱশ্যে সেই সময়ত কাষতে থকা আন এজন জোৱানে সমল মুছাহাৰীক বাধা প্ৰদান কৰাত গুলীবিদ্ধ হোৱাৰ পৰা ৰক্ষা পৰে স্বামী-স্ত্ৰী।

ইফালে এই ঘটনাৰ পিছতে উত্তপ্ত হৈ পৰে সত্যপুৰ অঞ্চল। গৃহৰক্ষী জোৱানজনৰ বিৰুদ্ধে সদৌ চাওতাল ছাত্ৰ সন্থাৰ লগতে স্থানীয় ৰাইজে গৃহৰক্ষী জোৱানৰ বেৰেকৰ সন্মুখত চৰকাৰ, আৰক্ষী বিৰেধী শ্ল’গান দি প্ৰতিবাদ সাব্যস্ত কৰে আৰু দোষীক কঠোৰ শাস্তি বিহাৰ দাবী জনায়।

আনহাতে এই ঘটনাৰ পিছতে গোঁসাইগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অমৰজ্যোতি বাইলুং ঘটনাস্থলীত উপস্থিত হৈ অভিযুক্ত গৃহৰক্ষী জোৱানজনক আটক কৰি গোঁসাইগাঁও থানালৈ লৈ আনে।

বাতৰি অনুসৰি, অভিযুক্ত জোৱানজনক ৰিজাৰ্ভ ক্ল’জ কৰি ঘটনাৰ তদন্ত চলাই থকা হৈছে।

লগতে চাওকঃ

এইবাৰ JCB ৰে ২৭ লাখ টকাসহ ATM উঠাই নিলে চােৰে! সামাজিক মাধ্যমত ভাইৰেল আজব চুৰিকাণ্ড

G6 6
মহিলাক অশ্লীল ইংগিত! স্বামীৰ সকিয়নীৰ পিছতে গুলীবৰ্ষণ গৃহৰক্ষী জোৱানৰ, অৱশেষত ৰিজাৰ্ভ ক্ল’জ 4

Leave a Comment