অসম

২৮ এপ্ৰিলত প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ উপলক্ষে এই দুখন জিলাত স্থানীয় বন্ধ ঘোষণা…

২৮ এপ্ৰিলত অসম ভ্ৰমণলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।

মোডীৰ ভ্ৰমণক লৈ ব্যাপক প্ৰস্তুতি চলাইছে ৰাজ্য চৰকাৰে।

প্ৰধানমন্ত্ৰী মোডীয়ে ২৮ এপ্ৰিলত ডিব্ৰুগড় আৰু ডিফুত দুখনকৈ ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

সেই উপলক্ষে ডিব্ৰুগড় আৰু কাৰ্বি আংলং জিলাত স্থানীয় বন্ধ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে।

এই সময়চোৱাত চৰকাৰী কাৰ্যালয়ৰ লগতে বন্ধ থাকিব স্কুল-কলেজ।

image 38

এক জাননীযোগে এই কথা সদৰি কৰিছে ৰাজ্য চৰকাৰে।

উল্লেখ্য যে মোডীয়ে ডিব্ৰুগড়ত কেঞ্চাৰ হাস্পাতল শুভ উদ্বোধন কৰাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত নতুনকৈ নিৰ্মাণ কৰা কেইবাখনো কেঞ্চাৰ হাস্পতাল ভাৰ্চুৱেলী শুভ উদ্বোধন কৰিব।

ইয়াৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰে ডিব্ৰুগড় আৰু ডিফুত সাজি উলিয়াইছে বৃহৎ পেণ্ডেল।

Leave a Reply

Your email address will not be published. Required fields are marked *