কােলাত কেঁচুৱাসহ পদপথৰ উন্মুক্ত নলাত সােমাই পৰিল মহিলা! লাগিল হাহাকাৰ

নিউজ ডেস্ক। এক ভয়ংকৰ ঘটনা। কােলাত কেঁচুৱাসহ পদপথৰ উন্মুক্ত নলাত সােমাই পৰিল এগৰাকী মহিলা। লাগিল হাহাকাৰ।

এই ঘটনাৰ স্থান মৰিগাঁও চহৰ।

vlcsnap-2022-01-20-16h10m58s258

পৌৰসভা কৰ্তৃপক্ষৰ গাফিলতিৰ বাবেই এনেদৰে পদপথৰ উন্মুক্ত নলাত কণমানি সন্তানসহ সােমাই আহত হ’ল এগৰাকী মহিলা।

এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মৰিগাঁও চহৰত।

vlcsnap-2022-01-20-16h06m46s982

চহৰৰ মাজমজিয়াত প’ষ্ট অফিচৰ সন্মুখত বিগত ৩ মাহ ধৰি উন্মুক্ত হৈ থকা পদপথৰ নলাত সোমাই পৰিল মাতৃ-সন্তান।

vlcsnap-2022-01-20-16h06m35s897

এই ঘটনা প্ৰত্যক্ষ কৰা স্থানীয় ব্যৱসায়ীৰ তৎপৰতাত উদ্ধাৰ মাতৃ আৰু সন্তানক। দুয়ােকে মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰােৱা হয়।

অভিযােগ অনুসৰি, পদপথৰ উন্মুক্ত নলাৰ ঢাকনি বন্ধ কৰাৰ সলনি খৰিৰে ঢাকি থােৱা হৈছিল।

ইয়াৰ বাবেই উক্ত ঠাইত পূৰ্বেই এনে দুৰ্ঘটনা সংঘটিত হৈছিল। এই ঘটনাত ক্ষুব্ধ হৈ পৰিছে অঞ্চলৰ সচেতন মহল।

সৌভাগ্যক্ৰমে ঘটনাটাে দিনৰ ভাগত ঘটাৰ লগতে নলাত পানী কম থকা বাবেই সম্ভাব্য বিপদৰ পৰা কােনােমতে ৰক্ষা পৰিল শিশু-মাতৃ।

লগতে চাওকঃ

পিতৃৰ ম’বাইল নম্বৰ লিখি থােৱা বেগৰ সৈতে অপহৰণকাৰীয়ে এৰি থৈ গ’ল ৪ বছৰীয়া শিশুক! উদ্ধাৰ কৰিলে আৰক্ষীয়ে…

G4

মই ভেকচিন নলওঁ! ভেকচিন দিবলৈ অহা স্বাস্থ্যকৰ্মীকে গবা মাৰি ধৰিলে এজন নাৱৰীয়াই, ভাইৰেল ভিডিঅ’

G8

Leave a Comment