
নিউজ ডেস্কঃ ভূস্বৰ্গ কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বলি হৈছে নীৰিহ জনতা। বিশেষকৈ বিগত এমাহত কাশ্মীৰত হিন্দু পণ্ডিতৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাই কাশ্মীৰৰ লগতে সমগ্ৰ দেশতে বৃদ্ধি কৰিছে উদ্বেগৰ।
যোৱা সপ্তাহত কুলগামত সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰিছিল এখন চৰকাৰী বিদ্যালয়ৰ শিক্ষয়িত্ৰী ৰজনী বালাক। হিন্দু শিক্ষয়িত্ৰীগৰাকীৰ হত্যাক লৈ সমগ্ৰ দেশজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে।
ইয়াৰ মাজতে শিক্ষয়িত্ৰীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁ শিক্ষকতা কৰা বিদ্যালয়খনৰ নাম সলনি কৰাৰ ঘোষণা কৰিছে প্ৰশাসনে।

জম্মু-কাশ্মীৰৰ লেফটেনেন্ট গৱৰ্ণৰ মনোজ সিনহাই ঘোষণা কৰা মতে, কুলগামৰ গোপালপোৰা হাইস্কুলৰ নাম সলনি কৰা হ’ব সন্ত্ৰাসবাদীৰ হত্যাৰ বলি হোৱা শিক্ষয়িত্ৰী ৰজনী বালাৰ নামেৰে।
সংবাদ সংস্থা এ এন আইৰ মতে, লেফটেনেন্ট গৱৰ্ণৰ মনোজ সিনহাই নিহত শিক্ষয়িত্ৰীগৰাকীৰ পৰিয়ালক সাক্ষাৎ কৰিছে আৰু বিদ্যালয়খনৰ নাম সলনি কৰাৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰিছে। বিদ্যালয়খনৰ নাম শিক্ষয়িত্ৰীগৰাকীৰ নামেৰে ৰখাৰ দাবী উত্থাপন কৰিছিল পৰিয়াল আৰু অঞ্চলবাসীয়েও।

উল্লেখ্য যে, ৩১ মে’ত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰিছিল ৩৬ বছৰীয়া শিক্ষয়িত্ৰীগৰাকীক। সন্ত্ৰাসবাদীৰ আক্ৰমণত গুৰুতৰভাৱে আহত ৰজনী বালাক সংকটজনক অৱস্থাত ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় আৰু তাতে তেওঁৰ মৃত্যু ঘটে।
ইফালে এই ঘটনাৰ মাত্ৰ দুদিন পিছতে একেদৰে উগ্ৰপন্থীয়ে গুলীয়াই হত্যা কৰে বেংকৰ মেনেজাৰ বিজয় কুমাৰক।