কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দৃশ্যমান ঘঁৰিয়াল! নিশ্চিত কৰিলে উদ্যান কৰ্তৃপক্ষই

নিউজ ডেস্ক। এশিঙীয়া গঁড়ৰ বাবে বিশ্ববিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযােজনৰ এলেকাত প্ৰথমবাৰলৈ দৃশ্যমান হ’ল ঘঁৰিয়াল।

সুদীৰ্ঘ সময়ৰ অন্তত পুনৰ ব্ৰহ্মপুত্ৰ উপত্যকাত দৃশ্যমান হ’ল ঘঁৰিয়াল ৷

জানিব পৰা মতে, ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন এলেকাৰ শিলঘাটৰ এটা চাপৰিত দেখিবলৈ পোৱা গৈছে ঘঁৰিয়াল ৷

vlcsnap 2022 03 03 19h14m40s112
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দৃশ্যমান ঘঁৰিয়াল! নিশ্চিত কৰিলে উদ্যান কৰ্তৃপক্ষই 3

কাজিৰঙাত চলি থকা এক জৰীপৰ সময়তে কেমেৰাত বন্দী হ’ল ঘঁৰিয়ালৰ বিচৰণৰ দৃশ্য।

উল্লেখ্য যে জৰীপ দলৰ  সদস্য বিশ্ব প্ৰকৃতি নিধিৰ সমন্বয়ক ত্ৰিদীপ শৰ্মাৰ কেমেৰাত বন্দী হৈছে এই বিৰল দৃশ্য। তেওঁ জানিবলৈ দিয়া মতে ডব্লিউ ডব্লিউ এফৰ উদ্যোগত বিগত এমাহ ধৰি ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ শিৱসাগৰৰ পৰা পানীদিহিঙলৈকে দুটা দলে ব্ৰহ্মপুত্ৰত পর্যবেক্ষণ আৰু তথ্য সংগ্ৰহৰ কাম কৰি আছে।

নামনি অর্থাৎ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা নাৱেৰে ব্ৰহ্মপুত্ৰত উজনিলৈ গৈ থাকোঁতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন এলেকাৰ ব্ৰহ্মপুত্ৰৰৰ এটা টাপুত এটা ঘঁৰিয়ালে ৰ’দ লৈ আছিল। নাৱৰ শব্দ শুনি পানীলৈ নামি যায় যদিও ভিডিঅ’ কৰি তথ্য সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

G7 3
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দৃশ্যমান ঘঁৰিয়াল! নিশ্চিত কৰিলে উদ্যান কৰ্তৃপক্ষই 4

উল্লেখ্য, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ, কহঁৰা আৰু অগৰাতলী বনাঞ্চল এলেকাত বহু বছৰ পূৰ্বে বনকৰ্মীয়ে ঘঁৰিয়াল বনাঞ্চল এলেকাত বহু বছৰ পূৰ্বে বনকৰ্মীয়ে ঘঁৰিয়াল প্রত্যক্ষ কৰিছিল বুলি জানিব পৰা গৈছিল যদিও কোনো তথ্য-প্রমাণ কোনেও দিব পৰা নাছিল৷

এই দৃশ্য ইতিমধ্যে সামাজিক মাধ্যমত প্ৰকাশ কৰিছে উদ্যান কৰ্তৃপক্ষই।

ইয়াৰ আগতে কাজিৰঙাত ঘৰিয়াল দেখাৰ প্ৰমানিক তথ্য পোৱা হোৱা নাছিল ৷ 

উল্লেখ্য যে ১৯৯৪ চনত ব্ৰহ্মপুত্ৰত ঘৰিয়াল পোৱাৰ এটা তথ্য আছিল যদিও ইয়াৰ কোনো চাক্ষুক প্ৰমান নাছিল ৷

সুদীৰ্ঘ সময়ৰ পিচত পোৱা ঘঁৰিয়ালৰ এই তথ্যই বিশেষ তাৎপৰ্য বহন কৰিছে ।

কাজিৰঙাৰ নদী পৰ্যটনকো ঘঁৰিয়ালৰ এই তথ্যই নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰা হৈছে ৷

Leave a Comment