ক’ভিড ভেকচিন লৈ শৰীৰৰ অংগ বিকল হোৱাৰ অভিযোগ ৰাজ্যৰ এজন যুৱকৰ…

ক’ভিড ভেকচিন লৈ শৰীৰৰ অংগ বিকল হোৱাৰ অভিযোগ ৰাজ্যৰ এজন যুৱকৰ।
বিশ্বনাথৰ ছোৱাগুৰিৰ বহাৰ আলী নামৰ এজন যুৱকে দ্বিতীয় পালি ক’ভিড ভেকচিন গ্ৰহণ কৰি অসুস্থ হৈ পৰাৰ অভিযোগ উত্থাপন হৈছে।
আভিযোগ মতে যোৱা ১৮ অক্টোবৰ তাৰিখে ছোৱাগুৰিৰ বাহাৰ আলী নামৰ ৩০ বছৰীয়া যুৱকজনে দ্বিতীয় পালি ক’ভিড ভেকচিন লোৱাৰ পাছতেই এখন ভৰি অচল হৈ পৰে৷
লগে লগে তেওঁ যোগাযোগ কৰে বিশ্বনাথ অসামৰিক চিকিৎসালয়ত। কিন্তু কোনো এজন চিকিৎসকে ফোন নধৰাৰ অভিযোগ উত্থাপন কৰে ভুক্তভোগীৰ পৰিয়ালে।
লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল
পৰৱৰ্তী দিনাও পুনৰ বাহাৰ আলী নামৰ যুৱকজনৰ আনখন ভৰি বিকল হৈ পৰাৰ লগে লগে ডিঙিৰ তলৰ সকলো অংশ বিকল হৈ পৰে৷
ফলত শুক্ৰবাৰে যুৱক জনক ভৰ্তি কৰোৱা হয় বিশ্বনাথ অসামৰিক চিকিৎসালয়ত৷
পৰিয়ালৰ অভিযোগ ক’ভিড ভেকচিনৰ পাৰ্শ্বক্ৰিয়াৰ বাবেই এই ঘটনা সংঘটিত হৈছে৷
আনহাতে চিকিৎসকৰ মতে এয়া ভেকচিন লোৱাৰ বাবে নহয় অন্য কাৰণতো হ’ব পাৰে বুলি মন্তব্য কৰিছে।
সম্প্ৰতি চিকিৎসাধীন হৈ থকা বাহাৰ আলী নামৰ যুৱকজনৰ পৰীক্ষা কৰাৰ পিছতহে প্ৰকৃত কাৰণ পোহৰলৈ আহিব।