অসম

সাৱধান! মহানগৰীত ওলাইছে ভুৱা চিকিৎসক, আৰক্ষীৰ জালত ভুৱা চকু চিকিৎসক…

সাৱধান হওক!

গুৱাহাটী মহানগৰীত ওলাইছে ভুৱা চিকিৎসক।

মহানগৰৰ আৰক্ষীৰ জালত পৰিছে এইবাৰ ভুৱা ডিগ্ৰীধাৰী চকুৰ চিকিৎসক।

এই চিকিৎসকজনক সাউকুছিৰ পৰা গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

দীৰ্ঘ দিন ধৰি মানুহৰ জীৱনক লৈ হেতালি খেলি থকাৰ অভিযোগ উত্থাপিত হৈ আছিল এই ভুৱা চিকিৎসক ড° অভিজিত নেওগৰ বিৰুদ্ধে।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

ৰিঅ’ ডিজিটেল লেন্সেস প্ৰাইভেট লিমিটেড নামৰ এটা প্ৰতিষ্ঠান খুলি চিকিৎসকজনে তাত চলাই গৈছিল ভুৱা চিকিৎসা।

চকুৰ বিভিন্ন চিকিৎসাৰ লগতে বিভিন্ন ধৰণৰ লেন্সৰ গ্লাছ প্ৰদান কৰি ৰোগীৰ জীৱনক লৈ হেতালি খেলি আহিছিল বুলি অভিযোগ উত্থাপন হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *