নিউজ ডেস্কঃ মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিল কাণ্ডক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে হায়াৰ চেকণ্ডাৰি পৰীক্ষাত অৱতীৰ্ণ হোৱা কন্যাক প্ৰশ্নোত্তৰ লিখি দি গ্ৰেপ্তাৰ হ’ল এজন শিক্ষক পিতৃ।
শুকুৰবাৰে বাশকান্দি আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে শিক্ষক আনোৱাৰুল হকক।
উল্লেখ্য যে, কাছাৰৰ নেনা মিঞা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰত সংঘটিত হৈছিল এই ঘটনা।
উচ্চতৰ মাধ্যমিকৰ ঐচ্ছিক বিষয়ৰ পৰীক্ষাৰ দিনা SICK ৰুমত পৰীক্ষাত বহা কন্যাক নিজে প্ৰশ্নোত্তৰ লিখি দিছিল শিক্ষক পিতৃ আনোৱাৰুল হকে।
এই কাণ্ডৰ ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে চাকৰিৰ পৰা নিলম্বন কৰা হৈছিল শিক্ষকজনক।
ইফালে ঘটনাৰ পিছতে পলাতক হৈ থকা শিক্ষকজনক পৰৱৰ্তী সময়ত বাশকান্দি আৰক্ষীয়ে আটক কৰি সোধাপোছা চলোৱাৰ অন্তত শুকুৰবাৰে গ্ৰেপ্তাৰ কৰে।
অন্যহাতে শিক্ষক আনোৱাৰুল হকৰ কন্যাৰো পৰীক্ষা বাতিল কৰা হৈছে।