
নিউজ ডেস্ক। ক’ভিডৰ প্ৰতিষধক লােৱাটাে বাধ্যতামূলক নহয় যদিও ভেকচিন নােলােৱা লােকে ঘৰতে সােমাই থাকিব লাগিব।
অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৰা এই ঘােষণাৰ পাছতে ক’ভিডৰ প্ৰতিষেধক নােলােৱা লােকৰ বিৰুদ্ধে কঠােৰ ব্যৱস্থা হাতত লৈছে অসম আৰক্ষীয়ে।
জানিব পৰা মতে, নামনি অসমৰ বঙাইগাঁও জিলাতাে আৰক্ষীয়ে এনে লােকৰ বিৰুদ্ধে ব্যৱস্থা লৈছে।

ক’ভিডৰ ভেকচিন নোলোৱাকৈ ৰাজহুৱা স্থানলৈ ওলোৱা তথা ৰাজহুৱা পৰিবহণ সেৱা ব্যৱহাৰ কৰাসকলৰ বিৰুদ্ধে বঙাইগাঁও জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাৰ নেতৃত্বত অভিযান অব্যাহত আছে।
জানিব পৰা মতে, সােমবাৰে বঙাইগাঁও শ্বহীদ বেদীত ভেকচিনৰ প্ৰমাণ-পত্ৰ নোহোৱাকৈ বাহনসমূহত যাত্ৰা কৰা যাত্ৰীৰ বিৰুদ্ধে আৰক্ষী অধীক্ষকজনে চলাইছে অভিযান।

ভেকচিনৰ প্ৰমাণ-পত্ৰ নোহোৱাকৈ যাত্ৰী কঢ়িওৱা বাছৰ গৰাকীক আৰক্ষীয়ে বিহে জৰিমনা।
ক’ভিড সংক্ৰমণ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনত দুয়োপালি ভেকচিন নোলোৱাসকলৰ বিৰুদ্ধে এই অভিযান অব্যাহত থাকিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে।

উল্লেখ্য যে ক’ভিডৰ ভেকচিন নােলােৱা যাত্ৰীসকলক বাছৰ পৰা নমাই দিয়াৰ লগতে সংশ্লিষ্ট বাছৰ মালিকক ২৫ হাজাৰ টকা জৰিমনা বিহা হ’ব বুলি জনায় আৰক্ষী অধীক্ষকগৰাকীয়ে।
কেৱল বাছতে নহয়, দোকান-বজাৰসমূহতো এই অভিযান চলোৱা হ’ব বুলি জনায় আৰক্ষী অধীক্ষকগৰাকীয়ে।
বঙাইগাঁও জিলাৰ উপৰি ধেমাজী জিলাতাে আৰক্ষীয়ে ক’ভিডৰ ভেকচিন নােলােৱাকৈ ৰাজহুৱা স্থানলৈ অহা লােকৰ বিৰুদ্ধে অভিযান চলাইছে।
লগতে চাওকঃ
প্ৰেমিকক বিচাৰি অবৈধভাৱে কাঁইটীয়া তাঁৰ পাৰ হৈ ভাৰতত প্ৰৱেশ প্ৰেয়সীৰ, তাৰ পাছত…

এদিনতে ক’ভিড-১৯ত মৃত্যু ১৬ জনৰ, নতুনকৈ আক্ৰান্ত ৮,੦৭২ লােক
