অসমঅসমীয়া

ৰাভা সাহিত্যৰ গৱেষক, কৃতী শিক্ষক নিতাই ৰাভাৰ দেহাৱসান

নিউজ ডেস্ক। বিশিষ্ট সাহিত্যিক, ৰাভা সাহিত্যৰ গৱেষক, নিখিল ৰাভা সাহিত্য সভাৰ পাঠ্যপুথি প্ৰণয়ন সমিতিৰ অধ্যক্ষ তথা অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক নিতাই ৰাভাৰ দেহাৱসান।

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৪ বছৰ।

9

গােৱালপাৰা জিলাৰ আগিয়া বৰদামাল (বৰাজুলি)ৰ বাসিন্দা প্ৰয়াত নিতাই ৰাভাৰ মৃত্যু ৰাভা সাহিত্যৰ এক অপূৰণীয় ক্ষতি হিচাপে বিবেচিত হৈছে।

জানিব পৰা মতে, হৃদৰোগত আক্ৰান্ত হোৱা ৰাভাক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় যদিও সােমবাৰে ৮.২০ বজাত ৰাভাই শেষ নিশ্বাস ত্যাগ কৰে।

ৰাভা সাহিত্য সভাৰ কৰ্মকৰ্তাসকল গােৱালপাৰা জিলাৰ দুধনৈস্থিত সভাৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ সাহিত্যিকগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

উল্লেখ্য যে নিতাই ৰাভাৰ বিয়োগত শোক প্ৰকাশ কৰি নিখিল ৰাভা সাহিত্য সভাৰ পতাকা তিনিদিনলৈ অৰ্ধনমিত কৰি ৰখাৰ সিদ্ধান্ত লোৱা হৈছে।

নিতাই ৰাভাই ‘ৰচক পাৰ’, ‘ককা আইতাৰ সাধু’, ‘কাৰাইখোৱাৰ উচুপনি’, ‘ময়ৰা বায়নি কাথা’ আদি কেইবাখনো গ্ৰন্থ প্ৰকাশ কৰি ৰাভা ভাষা-সাহিত্যৰ ভঁৰালল চহকী কৰি থৈ গৈছে।

ৰাভাই ২০২১ বৰ্ষত ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদদৰ ৰাজেন ৰাভা সাহিত্যিক বঁটা লাভ কৰিছিল।

মৃত্যুৰ সময়ত নিতাই ৰাভাই পত্নী, দুই পুত্ৰ, একামাত্ৰ কন্যা-জোঁৱাই, নাতি-নাতিনী আৰু অগণন গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায়।

লগতে চাওকঃ

মোৰ পুত্ৰ যিদৰে হেৰাই গৈছে, তাৰ হত্যাকাৰীসকলো তেনেদৰে হেৰাই যোৱাটো বিচাৰোঃ অনিমেষৰ মাতৃ

g2

Leave a Reply

Your email address will not be published. Required fields are marked *