এপইন্টমেণ্ট ল’বলৈ কোৱাৰ বাবেই ধৈৰ্য্যচ্যুতি মুখ্যমন্ত্ৰীৰ জীয়ৰীৰ, চেম্বাৰতে চিকিৎসকক অপদস্থ…

নিউজ ডেস্কঃ এগৰাকী চিকিৎসকক মুখ্যমন্ত্ৰীৰ কন্যাই কৰা দুৰ্ব্যৱহাৰৰ চিচিটিভি ফুটেজ ভাইৰেল হোৱাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় মিজোৰামত।

চিকিৎসকসকলে ক’লা বেজ পৰিধান কৰি মুখ্যমন্ত্ৰীৰ জিয়াৰীৰ এনে আচৰণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতে অৱশেষত কন্যাৰ দুৰ্ব্যৱহাৰৰ বাবে ৰাজহুৱাকৈ ক্ষমা খুজিবলগীয়া হ’ল মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই।

শনিবাৰে মুখ্যমন্ত্ৰী জোৰামথাংগাই এটা ইনষ্টাগ্ৰাম পোষ্টত কয় যে তেওঁ কোনো কাৰণতে তেওঁৰ কন্যাৰ আচৰণক ন্যায্যতা প্ৰদান নকৰে।

photo1661073507
এপইন্টমেণ্ট ল’বলৈ কোৱাৰ বাবেই ধৈৰ্য্যচ্যুতি মুখ্যমন্ত্ৰীৰ জীয়ৰীৰ, চেম্বাৰতে চিকিৎসকক অপদস্থ... 2

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ ক্লিপত জোৰামথাংগাৰ কন্যা মিলাৰী ছাংটেই ক্লিনিকৰ এগৰাকী চিকিৎসকক শাৰীৰিকভাৱে অপদস্থ কৰা দেখা গৈছিল।

এই ঘটনাক লৈ শনিবাৰে ৰাজ্যখনৰ ৮০০ৰো অধিক চিকিৎসকে ক’লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে আৰু মুখ্যমন্ত্ৰীৰ কন্যাৰ আচৰণক গৰিহণা দিয়ে। ইয়াৰ পিছতে ৰাজহুৱাকৈ ক্ষমা খুজিবলগীয়া হয় মুখ্যমন্ত্ৰী জোৰামথাংগাই।

এটা ইনষ্টাগ্ৰাম পোষ্টত তেওঁ কয়, “চিকিৎসকৰ প্ৰতি আমাৰ জীয়াৰীয়ে কৰা আচৰণৰ পক্ষত আমাৰ কোনো ন্যায্যতা বা ক’বলগীয়া একো নাই। আমি চিকিৎসক আৰু জনসাধাৰণৰ পৰা ক্ষমা বিচাৰিছো।’’

উল্লেখ্য যে, জোৰামথাংগাৰ কন্যা ছাংটেয়ে বুধবাৰে আইজলৰ এগৰাকী চৰ্ম ৰোগৰ চিকিৎসকৰ ক্লিনিকত এপইণ্টমেণ্ট ল’বলৈ কোৱাৰ বাবেই চিকিৎসকগৰাকীক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।