
নিউজ ডেস্ক। ক’ভিড-১৯ৰ তৃতীয় ঢৌৱে ক্ৰমাৎ গুৰুতৰ ৰূপ ধাৰণ কৰিছে অসমতাে।
ৰাজ্যজুৰি এদিনতে ক’ভিড-১৯ত আক্ৰান্ত হৈ ১৬ জনকৈ লােকৰ মৃত্যু ঘটিছে।
লগতে এদিনতৈ আক্ৰান্ত হৈছে ৮,੦৭২ জন লােক।
ৰাজ্যৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি, মংগলবাৰৰ দিনটােৰ ৰাজ্যজুৰি ৬৩,৯৪৪ লােকৰ ক’ভিড পৰীক্ষা সম্পন্ন কৰা হয়।
এই পৰীক্ষাত ৮,੦৭২ লােক ক’ভিড-১৯ত পজিটিভ হিচাপে চিনাক্ত কৰা হয়। দিনটােৰ সংক্ৰমণৰ হাৰ ১২.৬২ শতাংশলৈ বৃদ্ধি পাইছে।

আক্ৰান্তসকলৰ ভিতৰত গুৱাহাটী (মেট্ৰ’) জিলাত ১৯৯৬ জন, ডিব্ৰুগড় জিলাত ৫৫১ জন, কাছাৰ জিলাৰ ৪৭৪ জন আৰু যােৰহাট জিলাত ৪৭੦ জন।
Summary of 18/01/2022
— Himanta Biswa Sarma (@himantabiswa) January 18, 2022
Today’s Total 8072
Overall Positivity Percentage (8072 cases out of 63,944 test done = 12.62%)
Kamrup(M) 1996
Death 16
Recovery Rate 94.39%
মৃতকৰ ভিতৰত কাছাৰ জিলাত সৰ্বাধিক ৬ জন, গােলাঘাট আৰু কামৰূপ (মেট্ৰ’)ত ২ জনকৈ আৰু ডিব্ৰুগড়, যােৰহাট, নলবাৰী, শিৱসাগৰ আৰু শােণিতপুৰ জিলাত ১-১ জন লােকৰ মৃত্যু হয়।
লগতে চাওকঃ
কঠােৰ আৰক্ষী! ক’ভিডৰ ভেকচিন নোলোৱা যাত্ৰীক বাছৰ পৰা নমালে আৰক্ষীয়ে, বিহিলে জৰিমনা
