
অসমবাসীৰ মৰমৰ বিশিষ্ট অভিনেতা নিপন গোস্বামী আৰু নাই।
৯.১৫ মিনিটত নেমকেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ অভিনেতা গৰাকীৰ।
দীৰ্ঘদিনৰ পৰা হৃদৰোগত আক্ৰান্ত হৈ আছিল অভিনেতা গৰাকী।
বিশিষ্ট অভিনেতাগৰাকীৰ মৃত্যুত শোকস্তব্ধ ৰাজ্যবাসী।
উল্লেখ্য যে, দীপাৱলীৰ দিনাই হৃদৰোগত আক্ৰান্ত হৈ নেমকেয়াৰ হাস্পতালত ভৰ্তি হৈছিল নিপন গোস্বামী।

হাস্পতালৰ হৃদৰোগ বিভাগৰ আইচিইউত তেতিয়াৰ পৰা চিকিৎসাধীন হৈ থকা অভিনেতাগৰাকীৰ স্বাস্থ্যৰ উন্নতি ঘটা বুলিও পৰৱৰ্তী সময়ত সদৰী কৰিছিল হাস্পতাল কৰ্তৃপক্ষই।
কিন্তু বৃহস্পতিবাৰে পুৱা পুনৰ হৃদৰোগত আক্ৰান্ত হয় প্ৰবীণ অভিনেতাগৰাকী।
তাৰ পিছতে পুৱা ৯.১৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ।
বলিষ্ঠ অভিনয়ৰে অসমীয়া ছবি জগতলৈ অনবদ্য অবদান আগবঢ়োৱা অভিনেতাগৰাকীৰ বিয়োগৰ খবৰে শোকস্তব্ধ কৰি তুলিছে ৰাজ্যৰ সাংস্কৃতিক মহলক।
তেওঁক অসংখ্য গুণমুগ্ধৰ মাজতো এই খবৰে দুখৰ ধুমুহা নমাইছে।

আনহাতে অভিনেতাগৰাকীৰ দেহাৱসানৰ পিছতে নেমকেয়াৰ হাস্পতালত উপস্থিত হয় মন্ত্ৰী অশোক সিংঘালৰ লগতে ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী আৰু বিধায়ক।
অভিনেতাগৰাকীৰ নেমকেয়াৰ হাস্পতালৰ সমস্ত চিকিৎসা খৰছ ৰাজ্য চৰকাৰ তৰফৰ বহন কৰাৰ কথা প্ৰকাশ কৰিছিল চৰকাৰে।