ঋণৰ বিনিময়ত মহিলাক অশালীন প্ৰস্তাৱ দিয়াৰ অভিযােগ বেংক বিষয়াৰ, মহিলাৰ আত্মহত্যা, দুজনক গ্ৰেপ্তাৰ…

নিউজ ডেস্ক। ঋণৰ বিনিময়ত মহিলাক অশালীন প্ৰস্তাৱ দিয়াৰ অভিযোগ বেংক বিষয়াৰ বিৰুদ্ধে।
ঋণ ল’বলৈ গৈ যোৰহাটৰ এগৰাকী মহিলাই আত্মহত্যা কৰিবলৈ বাধ্য হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
এই ঘটনা সংঘটিত হৈছে যোৰহাট বৰিগাঁৱৰ বৰবৰুৱা টেকেলাগাঁৱৰ গাৰ্গি আত্মসহায়ক গোটটোত।
ঋণ প্ৰদানৰ বিনিময়ত বেংক বিষয়াই মহিলাগৰাকীক অশালীন প্ৰস্তাৱ দিয়াৰ তথ্য পোহৰলৈ অহাৰ পিছত ইতিমধ্যে যোৰহাট আৰক্ষীয়ে এ টি ৰোড স্থিত ডেনা বেংক (বৰ্তমান বেংক অব বৰোডা)ৰ বিষয়া মৃগাংক জ্যোতি দাসক গ্ৰেপ্তাৰ কৰাৰ লগতে আন এগৰাকী মহিলাকো গ্ৰেপ্তাৰ কৰিছে।
জানিব পৰা মতে, গোটটোৰ সভানেত্ৰী ৰেখা দেৱীয়ে গোটৰ জৰিয়তে বেংকৰ পৰা দুই লাখ টকাৰ ঋণ ল’ব বিচাৰিছিল। সেই সন্দৰ্ভত যোৰহাটৰ এ টি ৰোড স্থিত ডেনা বেংকৰ বিষয়া মৃগাংক জ্যোতি দাসে ঋণ প্ৰদানৰ বিনিময়ত ৰেখা দেৱীক প্ৰেমৰ অশালীন প্ৰস্তাৱ দিয়াৰ অভিযোগ উঠিছে। প্ৰথম অৱস্থাত ৰেখা দেৱীয়ে এই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল। বেংক বিষয়াগৰাকীৰ তেনে আচৰণৰ বিষয়ে নিজৰ কেইবাগৰাকী বান্ধৱীক ৰেখাই জনাইছিলো।
লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল
ৰেখাৰ এগৰাকী বান্ধৱীয়ে কয়- ‘বেংকৰ বিষয়াজনে ৰেখাক ভালপোৱাৰ প্ৰস্তাৱ দিয়া বুলি মোক কৈছিল। তাই তেতিয়া বিষয়াজনক ধমকি দি এনে প্ৰস্তাৱত অমান্তি হয় আৰু লোণেই নালাগে বুলি কোৱা বুলি মোক কয়। পিছত কি হ’ল মই নাজানো….।’
কিন্তু ঋণৰ দুটা কিস্তিৰ ধন লাভ কৰিছিল ৰেখা দেৱীয়ে। ঋণৰ ধন লাভ কৰাৰ পিছত যোৱা ১৩ অক্টোবৰত নিজ গৃহতে ৰেখা দেৱীয়ে আশ্চৰ্যজনকভাৱে আত্মহত্যা কৰে।
আত্মহত্যাৰ পূৰ্বে মোবাইলত মেজেছ হিচাপে বেংক বিষয়া মৃগাংক আৰু পৰিনীতা নামৰ এগৰাকী মহিলাৰ বাবেই আত্মহত্যা কৰিব লগা হ’ল বুলি লিখি থৈ যায় ৰেখাই।
ইপিনে আত্মহত্যা কৰাৰ পূৰ্বে ৰেখাৰ সৈতে কোনো কথাত পৰিনীতাৰ তীব্ৰ বাক-বিতণ্ডা হোৱা বুলি ৰেখাৰ পুত্ৰই জানিবলৈ দিয়ে।
ৰেখাৰ কণমানি পুত্ৰই কয়- মই মাৰ দোকানত বহি আহিছো। তেতিয়া দোকানলৈ খঙত পৰিনীতা সোমাই আহিছিল। তেতিয়া মায়ে পৰিনীতাক কৈছিল যে যদিহে মাৰ কথা মিছাকৈ কয় তেন্তে মায়ে চুইছাইড কৰি দিব। তেতিয়া পৰিনীতাই কলে যে, যা তই চুইছাইড কৰি দে। তাৰ পিছতে মাই দোকান বন্ধ কৰি আহি দৰ্জা মাৰি ঘৰত সোমায়।
উল্লেখ্য যে ১৩ অক্টােবৰতে ৰেখাই আত্মহত্যা কৰে যদিও পূজাৰ বাবে তদন্ত প্ৰক্ৰিয়া পিছুৱাই যােৱাত যােৱা শুকুৰবাৰেহে বেংক বিষয়া মৃগাংক আৰু পৰিণীতাক গ্ৰেপ্তাৰ কৰা হয়।
সমগ্ৰ ঘটনাৰ প্ৰকৃত ৰহস্য আৰক্ষীৰ তদন্তৰ অন্ততহে পােহৰলৈ আহিব। এই ঘটনাই যােৰহাটত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।