উপযুক্ত চিকিৎসা অভাৱত মৃত্যুক সাৱটিলে শিশুশিল্পী তেজস্বিতা বৰুৱাই, ৰাইজৰ অভিযোগ…

মাজুলীৰ সংগীত জগতৰ উজ্বল প্ৰতিভা তেজস্বিতা বৰুৱাৰ অকাল মৃত্যুক লৈ শোকস্তব্ধ ৰাজ্যবাসী।
গীত, নৃত্যৰে লাখ লাখ জনতাক মোহছন্ন কৰা মাজুলী কমলাবাৰীৰ দৰিয়া গাঁৱৰ জনপ্ৰিয় শিশু শিল্পী তেজশ্বিতা বৰুৱাৰ (১৪) বুধবাৰে আকস্মিক মৃত্যু ঘটে।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱত সাংস্কৃতিক অনুষ্ঠানত বৰগীত পৰিৱেশন কৰিবলৈ গৈ হঠাৎ অসুস্থ হৈ নামঘৰতে ঢলি পৰা তেজস্বিতা বৰুৱাক গড়মূৰৰ জিলা চিকিৎসালয়লৈ নিয়ে যদিও অকাল মৃত্যুক সাৱতি ল’লে তেজস্বীতাই।
বৰগীত পৰিবেশনৰ বাবে সাজি কাচি প্ৰস্তুত হোৱা তেজশ্বিতাৰ আকস্মিক মৃত্যুক সহজ ভাৱে মানি লব পৰা নাই মাজুলী বাসীয়ে।
মাজুলীৰ দৰিয়া গাঁৱৰ ৰাইজ আৰু পৰিয়ালৰ লোকে কৰা অভিযোগ অনুসৰি, গড়মূৰৰ জিলা চিকিৎসালয়ত প্ৰায় এক-ডেৰ ঘন্টা অজ্ঞান হৈ থকাৰ পিছতো তেজস্বিতাক অক্সিজেনৰ যোগান বা আই চি ইউত ভৰ্তি নকৰাকৈ বেজী চেলাইন দিয়েই দায়িত্ব সামৰে চিকিৎসালয়খনে।
এই বিষয়ে সঠিক তদন্তৰো দাবী কৰিছে স্থানীয় ৰাইজে। লগতে মাজুলীৰ চিকিৎসা ব্যৱস্থাক লৈও আঙুলি তুলিছে সাধাৰণ জনতাই।

তীক্ষ্ণ মেধা সম্পন্ন, মাজুলী আইলেন্ড একাডেমী ৰ নৱম শ্ৰেণীৰ ছাত্ৰী তেজশ্বিতাৰ পিতৃয়ে চাৰিদিনৰ পূৰ্বে সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰিবলৈ সুবিধা হোৱাকৈ এখন চাৰিচকীয়া বাহন ক্ৰয় কৰি দিছিল তাইক।
দৰিয়া গাঁৱৰ নিবাসী বাবুল বৰুৱা, নিলাক্ষী বৰুৱাৰ একমাত্ৰ কণ্যা তেজশ্বিতাৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে চিকিৎসালয় আৰু বাসগৃহত হাজাৰ হাজাৰ গুণমুগ্ধ উপস্থিত হৈ শিল্পী গৰাকীৰ প্ৰতি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।