উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিঙৰ মৃত্যু

নিউজ ডেস্ক। উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ৰাজস্থানৰ প্ৰাক্তন ৰাজ্যপাল কল্যাণ সিঙৰ মৃত্যু।

শনিবাৰে লক্ষ্ণৌৰ সঞ্জয় গান্ধী স্নাতকোত্তৰ চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত শেষ নিশ্বাস ত্যাগ কৰে সিঙে।

ৰক্তক্ষৰণ আৰু দেহৰ বহু অংগ বিকল হৈ মৃত্যু হয় প্ৰাক্তন মুখ্যমন্ত্ৰী জনৰ। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৯ বছৰ।

জানিব পৰা মতে, যোৱা ৪ জুলাইত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক ভৰ্তি কৰোৱা হৈছিল আইচিইউত। তেওঁৰ স্বাস্থ্যৰ যথেষ্ট অৱনতি ঘটিছিল। কিন্তু শুকুৰবাৰে চিকিৎসকে জনাইছিল যে তেওঁৰ স্বাস্থ্যৰ অৱস্থা অতি শোচনীয় হৈ পৰে।

সেয়েহে তেওঁক জীৱন ৰক্ষাৰ চাপৰ্টত ৰখা হৈছে। আৰু শনিবাৰে তেওঁ মৃত্যুবৰণ কৰে।

তেওঁ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা সময়ছোৱাত বহুতো বিজেপি নেতাই তেওঁক দেখা কৰিবলৈ গৈছিল। এই মাহত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও তেওঁৰ স্বাস্থ্যৰ বুজ লবলৈ চিকিৎসালয়লৈ গৈছিল।

শুকুৰবাৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ গৈছিল তেওঁৰ খবৰ লবলৈ।

উল্লেখ্য যে কল্যাণ সিং ভাৰতীয় ৰাজনীতিৰ এসময়ৰ বহু চৰ্চিত নেতা আছিল। তেওঁ অযোধ্যাৰ ৰাম মন্দিৰ সন্দৰ্ভত এটা সময়ত কৰিছিল বহু বিতৰ্কিত মন্তব্য।

তেওঁ ১৯৯১ চনত প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী হয়। ১৯৯৭ চনত তেওঁ দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী হয় যদিও পৰৱৰ্তী সময়ত কংগ্ৰেছৰ সৈতে মিত্ৰতা ছেদ হোৱাত ৰাজ্যপালে তেওঁৰ চৰকাৰ ভংগ কৰিছিল।

Leave a Comment