অসম

ভ্ৰাম্যমাণৰ বিশিষ্ট কৌতুক অভিনেতা হৰেণ মালাকৰ আৰু নাই…

ৰাজ্যবাসীৰ বাবে এক দুঃখবৰ।

অসমৰ ভ্ৰাম্যমাণ জগতৰ বিশিষ্ট কৌতুক অভিনেতা হৰেণ মালাকৰ আৰু নাই।

৭৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে কৌতুক অভিনেতাগৰাকীয়ে।

হাজোৰ মালিটোলাৰ নিজবাসগৃহত দেহাৱসান অভিনেতা গৰাকীৰ।

২১ আগষ্ট শনিবাৰৰ নিশা ৯.৩৫ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে মালাকৰে।

৪৬ বছৰ ধৰি ভ্রাম্যমাণ থিয়েটাৰৰ সৈতে জড়িত আছিল অভিনেতাগৰাকী।

২০২০-২১ বৰ্ষৰ অচ্যুৎ লহকৰ স্মাৰক বঁটা লাভ কৰিছিল মালাকাৰে।

ভ্ৰাম্যমাণ থিয়েটাৰত ২০০ৰো অধিক নাটকত অভিনয় কৰিছিল প্ৰয়াত মালাকৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *