উজনিত যিজন শিক্ষকে ভাইৰেল কৰিছিল পৰীক্ষাৰ প্ৰশ্নকাকত…! DGP জি পি সিঙৰ সংবাদমেল…

নিউজ ডেস্কঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙৰ সংবাদমেল।

দুগৰাকী শিক্ষকৰ বাবেই প্ৰশ্নকাকত ফাদিল হৈছিল বুলি মন্তব্য ডিজিপি সিঙৰ।

ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে প্ৰশ্নকাকত ফাদিল কাণ্ডৰ অভিযুক্ত শিক্ষক প্ৰণৱ দত্তক।

মাজুলীৰ লুইত খাবলু হাইস্কুলৰ প্ৰধান শিক্ষক এইগৰাকী অভিযুক্ত প্ৰণৱ দত্ত।

১২ মাৰ্চত আৰক্ষীয়ে তথ্য লাভ কৰাৰ পিছতে চিআইডিয়ে আৰম্ভ কৰিছিল তদন্ত।

আনহাতে এই সমগ্ৰ কাণ্ডৰ মূল অভিযুক্ত লখিমপুৰৰ ডাফলকাটা হাইস্কুলৰ শিক্ষক কুমুদ ৰাজখোৱা বুলি জানিবলৈ দিছে ডিজিপি গৰাকীয়ে।

কুমুদ ৰাজখোৱা আনজন অভিযুক্ত প্ৰণৱ দত্তৰ ঘনিষ্ঠ বুলি মন্তব্য জিপি সিঙৰ।

ইতিমধ্যে ৰাজখোৱাৰ ঘৰৰ পৰা জ্বলাই দিয়া প্ৰশ্ন কাকতৰ অৱশিষ্ট উদ্ধাৰ কৰি প্ৰেৰণ কৰা হৈছে ফৰেনছিক পৰীক্ষাৰ বাবে।

উজনিত শিক্ষক কুমুদ ৰাজখোৱাৰ বাবেই ভাইৰেল হৈছিল বিজ্ঞান আৰু অসমীয়াৰ প্ৰশ্নকাকত।

এই প্ৰশ্নকাকত ফাদিল কাণ্ডত বৰ্তমানলৈকে চিআইডিৰ জালত পৰিছে ৩১ জন।

ইয়াৰে ২২ জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে বুলিও জানিবলৈ দিয়ে আৰক্ষী সঞ্চালকপ্ৰধান জিপি সিঙে।

পলাতক হৈ থকা কুমুদ ৰাজখোৱাই পিছত লখিমপুৰ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে।