আৰক্ষীৰ পোছাকত পাৰ্লাৰত বহি যুৱতীৰ দ্বাৰা লৈ আছিল মালিচ, ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে নিলম্বন আৰক্ষী বিষয়াক

নিউজ ডেস্কঃ বিউটি পাৰ্লালত মহিলাৰ দ্বাৰা ফেচ মাছাজ কৰি বিপদত পৰিল এগৰাকী আৰক্ষী বিষয়া। মহিলাৰ দ্বাৰা মালিচ লোৱা আৰক্ষী বিষয়াগৰাকীৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে কৰা হয় নিলম্বন।

এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ চিভিল লাইনত। জানিব পৰা মতে, চিভিল লাইন থানাৰ সুভাষ চৌৰাহাত অৱস্থিত আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাকেশ চন্দ্ৰ শৰ্মাক আৰক্ষীৰ পোছাক পৰিধান কৰি বিউটি পাৰ্লাৰত এগৰাকী মহিলাৰ দ্বাৰা ফেচ মাছাজ লৈছিল।

আৰক্ষী বিষয়াগৰাকীৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে শুকুৰবাৰে নিশা এছএছপি শৈলেশ কুমাৰ পাণ্ডেয়ে নিলম্বন কৰে ৰাকেশ চন্দ্ৰক।

ভাইৰেল হোৱা ভিডিঅ’টোত দেখা গৈছে যে নিজেই চিভিল লাইনৰ এখন মাছাজ পাৰ্লাৰত বহি আছে আৰক্ষী বিষয়াগৰাকী। সেই সময়ত এগৰাকী যুৱতীয়ে তেওঁৰ মুখত মালিচ দি থকাও দেখা পোৱা গৈছে। পাৰ্লাৰত এটি গীতো মৃদু স্বৰত বাজি আছে। এই সময়ছোৱাত আৰক্ষী বিষয়াগৰাকীয়ে মুখত ক্ৰিম লগাই তৃপ্তিত চকু মুদি আছিল।

ভিডিঅ’টো পোহৰলৈ অহাৰ পিছতে এছএছপি শৈলেশ কুমাৰ পাণ্ডেয়ে মহানগৰ আৰক্ষী অধীক্ষক সন্তোষ কুমাৰ মীনাক ঘটনাৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে। শুকুৰবাৰে সন্ধিয়া মহানগৰ আৰক্ষী অধীক্ষকগৰাকীৰ প্ৰতিবেদনৰ ভিত্তিত এছএছপিয়ে নিলম্বন কৰে ৰাকেশ শৰ্মাক।

অৱশ্যে এই নিলম্বন সন্দৰ্ভত এতিয়াও কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই আৰক্ষী বিষয়া ৰাকেশ চন্দ্ৰ শৰ্মাই।

ইফালে, ইউনিফৰ্ম পিন্ধি মালিচ লোৱাৰ বাবেই আৰক্ষী বিষয়াগৰাকীক নিলম্বন কৰাৰ পিছতে ক্ষুব্ধ হৈ পৰিছে বিভাগটোৰ সতীৰ্থ আৰক্ষী। আৰক্ষীয়ে জনোৱা মতে, কৰ্তব্যৰ সময়সূচী অতি কটকটীয়া হৈ আছে। অতি কম সময় পোৱা যায়। গতিকে এনেবোৰ কথা আওকাণ কৰা উচিত।

সতীৰ্থ আৰক্ষীয়ে দাবী কৰা মতে, সতৰ্কবাণী দি আৰক্ষী বিষয়া ৰাকেশ শৰ্মাক মুকলি কৰি দিব পৰা গ’লহেঁতেনে। কিন্তু সেয়া নকৰি নিলম্বন কৰা কাৰ্য কোনোপধ্যেই গ্ৰহণযোগ্য নহয়।

2 thoughts on “আৰক্ষীৰ পোছাকত পাৰ্লাৰত বহি যুৱতীৰ দ্বাৰা লৈ আছিল মালিচ, ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে নিলম্বন আৰক্ষী বিষয়াক”

Comments are closed.