আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ ৪ কুখ্যাত চোৰাং চিকাৰী…

আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ ৪টাকৈ কুখ্যাত চোৰাং চিকাৰী।
শনিবাৰে নিশা বিশ্বনাথ জিলাৰ বিহালী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হৰেন গগৈ আৰু কাজিৰঙাৰ অতিৰিক্ত আৰক্ষী বিষয়া ধ্ৰুৱজ্যোতি নাথ আৰু গহপুৰ গমিৰি বন বিভাগৰ যুটীয়া অভিযানত গ্ৰেপ্তাৰ ৪ চোৰাং চিকাৰী।
বিহালী আৰক্ষী থানাৰ অন্তৰ্গত ৰাংছালী গাঁৱৰ পৰা ৩ টা আৰু বিশ্বনাথ সমষ্টিৰ বিশ্বনাথ আৰক্ষী থানাৰ অধীনৰ জপৌবাৰীৰ পৰা ১ টা চোৰাং চিকাৰী গ্ৰেপ্তাৰ হয়।
গঁড় হত্যা কৰাৰ উদ্দেশ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰাৰ চেষ্টা কৰা অৱস্থাতে চোৰাং চিকাৰীকেইটাক আটক কৰে আৰক্ষীয়ে।
গ্ৰেপ্তাৰ কৰা চোৰাং চিকাৰীকেইটা হৈছে- বিশ্বনাথৰ জপৌবাৰীৰ দীপাংক বড়ো (৩৪), ৰাংছালী গাঁৱৰ অজিত দাস (৩৮), ধনীদেৱ শইকীয়া (৪০) আৰু পদুম হাজৰিকা (২৫) ৷
আটাইকেইটা চোৰাং চিকাৰীক আজি বিহালী আৰক্ষীয়ে বন সংমণ্ডল প্ৰাধিকাৰী কাৰ্যালয় বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলক চমজাই দিয়ে।
ইফালে অধিক তথ্যৰ বাবে বিশ্বনাথ বন্যপ্ৰাণী বন সংমণ্ডলে সোধাপোছা অব্যাহত ৰাখিছে বুলি গমিৰি বন বিষয়া প্ৰাঞ্জল গগৈয়ে জানিবলৈ দিয়ে।