
নিউজ ডেস্কঃ আকৌ অসম আৰক্ষীক নীতিশিক্ষা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
সুৰাপায়ীৰ বিৰুদ্ধে কঠোৰ হোৱা আৰক্ষীক লৈ নীতিশিক্ষা মুখ্যমন্ত্ৰীগৰাকীৰ।
সুৰাপায়ীক ধৰি টিভিৰ সন্মুখত আৰক্ষীয়ে নাটক কৰিব নালাগে বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
সুৰাপায়ীক ধৰি চিধাই জে’লত ভৰাই দিব লাগে, কিন্তু মিডিয়াক মাতিলে নাটক কৰা যেনহে লাগে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
আৰক্ষীৰ এনে আচৰণে আৰক্ষীৰ ভাৱমূৰ্তি পাতল কৰি তোলে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই।
তেওঁ কয় যে পূৰ্বে কোনোবাই আৰক্ষীক বেয়াকৈ ক’লে চিধাই জে’ললৈ যাব লাগিছিল।
কিন্তু আজিকালি তেনে কিবা হ’লে আগেয়ে মিডিয়াক মাতে।
সুৰাপায়ীৰ সৈতে আৰক্ষীয়ে সুৰাপায়ীৰ দৰেই ব্যৱহাৰ কৰিব লাগে বুলিও মন্তব্য মুখ্যমন্ত্ৰীৰ।