অসমীয়াৰাষ্ট্ৰীয়

আশ্বৰ্যকৰ! স্বামীৰ পৰকীয়া প্ৰেমৰ কথা জানি বিয়া পাতি দিলে পত্নীয়ে, সতিনীৰ সৈতে আৰম্ভ কৰিলে নতুন সংসাৰ…

নিউজ ডেস্কঃ প্ৰেমত ঘূৰে ভূ মণ্ডল, প্ৰেমত ফুলে শতদল! এনে নহয় যে প্ৰেম স্থান, কাল, পাত্ৰ চাইহে হয়। বহু সময়ত প্ৰেম এক স্বাস্বতঃ অনুভূতি হৈ নিগৰি আহে, লাগিলে সেয়া সমাজৰ বাবে অগ্ৰহণযোগ্যই নহওক কিয়। অন্ধ্ৰ প্ৰদেশৰো এজন যুৱকৰ প্ৰেম হ’ল। প্ৰেম মানে- প্ৰাক বিবাহৰ প্ৰেম। সমাজৰ দৃষ্টিত অপৰাধ স্বৰূপ যুৱকজনৰ এই প্ৰেমক অৱশ্যে স্বীকৃতি দিলে খোদ পত্নীয়ে। স্বামীক মন্দিৰলৈ লৈ গ’লে প্ৰেমিকাৰ সৈতে বিয়া পাতি দিলে পত্নীয়ে।

সামাজিক মাধ্যমত এতিয়া এই প্ৰেম কাহিনীয়ে লাভ কৰিছে বিশেষ চৰ্চা। লোকজনৰ পত্নীৰ মনৰ উদাৰতাৰ বহুতে প্ৰশংসা কৰিছে। অৱশ্যেই বহুতে সমালোচনাও কৰিছে।

দৰাচলতে তিৰুপতিৰ ডাকিলিৰ আম্বেদকাৰনগৰৰ নিৱাসী কল্যাণ নামৰ যুৱকজনৰ সৈতে সংঘটিত হয় এই ঘটনা। পেছাত এগৰাকী ইউটিউবাৰ কল্যাণ। কিছুবছৰ পূৰ্বে তেওঁৰ পৰিচয় ঘটিছিল বিমলা নামৰ এগৰাকী যুৱতীৰ সৈতে। প্ৰথমে প্ৰেম, তাৰ পিছত বিবাহ পাশত আৱদ্ধ হয় দুয়োজন। বিমলা আৰু কল্যাণ দুয়োজনে ইউটিউবত একেলগে ভিডিঅ’ বনাবলৈ আৰম্ভ কৰে। ভিউৱাৰ্ছেও দুয়োৰে কেমিষ্ট্ৰী পচন্দ কৰে।

satini

কিন্তু তেওঁলোকৰ সুখৰ জীৱনটো অলপ সলনি হয় যেতিয়া নৃত্যশ্ৰী নামৰ এগৰাকী যুৱতী তেওঁলোকৰ চুবুৰীত থাকিবলৈ আহে। ইউটিউবৰ জগততো নৃত্যশ্ৰী অতি জনপ্ৰিয়। প্ৰথম সাক্ষাৎতে তেওঁ কল্যাণৰ প্ৰেমত পৰে। দুয়োৰে মাজত এক গভীৰ সম্পৰ্ক গঢ় লৈ উঠে! নৃত্যশ্ৰীয়ে যেতিয়া গম পায় যে কল্যাণ বিবাহিত, তেতিয়া তেওঁ বিমলাক বিয়াৰ বাবে অনুৰোধ কৰে। অন্যহাতে, বিমলাই আপত্তি নকৰিলে কল্যাণৰ সৈতে দুয়োগৰাকীয়ে একলগে থকাৰো প্ৰস্তাৱ আগবঢ়ায় নৃত্যাশ্ৰীয়ে।

স্বামীয়েও নৃত্যাশ্ৰীক ভাল পায় বুলি জানি বিমলাই প্ৰস্তাৱটোত সন্মতি জনায়। আৰু ইয়াৰ পিছতে ওচৰৰ মন্দিৰত বিমলাই সম্পন্ন কৰাই স্বামী কল্যাণ আৰু নৃত্যাশ্ৰীৰ বিয়াখন। বিয়াৰ পিছত তেওঁলোক তিনিওজনে একেলগে এখন ফটোও উঠে। যি এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

Related Articles

Back to top button