fbpx
অসমীয়াৰাষ্ট্ৰীয়

আশ্বৰ্যকৰ! প্ৰধানমন্ত্ৰীৰ বিষয়ে এই কথা জানিব বিচৰাৰ বাবেই দিল্লীৰ মুখ্যমন্ত্ৰীক ২৫ হাজাৰ টকা জৰিমণা বিহিলে উচ্চ ন্যায়ালয়ে…

নিউজ ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শিক্ষাগতা অৰ্হতা জানিব বিচাৰি আদালতৰ ৰোষত পৰিবলগীয়া হ’ল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল।

শুকুৰবাৰে গুজৰাট উচ্চ ন্যায়ালয়ে কেজৰিৱালৰ ওপৰত ২৫ হাজাৰ টকাৰ জৰিমণা বিহে।

আদালতৰ এই ৰায়ক লৈ এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

আদালতৰ এই ৰায়ৰ পিছতে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে টুইট কৰি পুনৰ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰে।

টুইটত কেজৰিৱালে লিখিছে, ‘প্ৰধানমন্ত্ৰী কিমান শিক্ষিত সেই কথা জানিবলৈও দেশৰ অধিকাৰ নাই নেকি?’

কেজৰিৱালে পুনৰ লিখিছে, ‘তেওঁ আদালতত নিজৰ ডিগ্ৰী দেখুওৱাৰ বিৰোধিতা কৰে। কিয়? আৰু ডিগ্ৰী চাবলৈ দাবী কৰাসকলক জৰিমণা বিহা হ’ব নেকি? এয়া কি চলি আছে? নিৰক্ষৰ আৰু কম শিক্ষিত প্ৰধানমন্ত্ৰী দেশৰ বাবে অতি বিপজ্জনক।’

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!