fbpx
অসমীয়াৰাষ্ট্ৰীয়

আজৱ! ভাৰতৰ এইখন গাঁৱত আপুনি চেল্ফি তুলিব পাৰে শ্বাহৰুখ-অমিতাভৰ সৈতে, লগ পাব ওবামাকো, ‘কফি’ৰ সৈতে কফি খাই কৰিব পাৰে ‘গুগল’ৰ সন্ধান…

নিউজ ডেস্কঃ অসমীয়াত এষাৰ কথা আছে- নামেনো কি কৰে, গুণেহে সংসাৰ তৰে!

গুণ যদিও উৰ্ধ্বত, তথাপিও নামৰ মহত্ব কম নহয়। সেয়ে পিতৃ-মাতৃয়ে সদায় নিজৰ সন্তানৰ বাবে বাচি বাচি সকলোতকৈ ভাল নামটো ৰাখিব বিচাৰে।

কিন্তু এইখন ভাৰতৰে এখন গাঁৱৰ কথা সম্পূৰ্ণ বেলেগ।

এই গাঁওখনত প্ৰৱেশ কৰি আপুনি ‘হাইক’ৰ্ট’ক এৰি ‘জাডজ’ৰ ঘৰত থিয় হৈ ‘চুপ্ৰিম ক’ৰ্ট’ক ধমক দিব পাৰে।

মন গ’লে গাঁওখনত আপুনি অনিল কাপুৰ আৰু শ্বাহৰুখ খানৰ সৈতে ফটো তুলিব পাৰে।

কিয়নো এই গাঁওখনৰ পৰম্পৰাই বেলেগ। কিয়নো এই গাঁওখনৰ জ্যেষ্ঠ সকলে বাচি বাচি নহয়, বৰং নিজৰ পচন্দৰ ব্যক্তি, স্থান বা খাদ্য সামগ্ৰীৰে নামকৰণ কৰে নিজৰ সন্তানৰ।

এই গাঁওখন আছে কৰ্ণাটকৰ ধৰৱাৰ জিলাত। গাঁওখনৰ নাম ভদ্ৰপুুৰ।

প্ৰায় ৩৫০০ লোকে বাস কৰা এই গাঁওখনৰ হাক্কি পিক্কি নামৰ জনজাতীয় সমাজখনে নিজৰ নিজৰ সন্তানক প্ৰদান কৰা নামে এতিয়া সৰ্বত্ৰে চৰ্চা লাভ কৰিছে।

দৰাচলতে এই গাঁওখনত নৱজাতকৰ নামকৰণ প্ৰথা আৰম্ভ হৈছে মাত্ৰ ১৫ বছৰ পূৰ্বে।

কিন্তু আৰ্থিক আৰু শিক্ষাৰ দিশত পিছপৰা হাক্কি পিক্কি জনজাতীয়ে নিজৰ সন্তানৰ বাবে আধুনিক নাম এটা বাচনি কৰাতকৈ নিজৰ পচন্দৰ নাম এটা প্ৰদান কৰাটোহে অধিক পোষকতা কৰে।

সেয়ে এই গাঁওখনৰ কোনোবাটো শিশুৰ নাম যদি ৰখা হৈছে গ্লুক’জ, আন কোনোবাটো শিশুৰ নাম হৈছে ছুপ্ৰিম ক’ৰ্ট।

এই গাঁওখনত শ্বাহৰুখ খান, অমিতাভ বচ্চন, চকলেট, ডেইৰী মিল্ক নামেৰেও আছে শিশু। আছে গুগুল, কফি, ওবামা আদি নামৰ শিশুও।

দৰাচলতে কোনোবাই যদি কোনোবাটো ৰাজনৈতিক দলক সমৰ্থন কৰে, তেন্তে সেই ৰাজনৈতিক দলৰ নামেৰেও নামকৰণ কৰিছে নিজৰ সন্তানৰ।

কিন্তু কেৱল নামৰ বৈচিত্ৰ্যই নহয়, এই সম্প্ৰদায়ৰ আন কিছুমান বৈশিষ্ট্যও আছে।

এই গাঁৱৰ বাসিন্দাসকলে প্ৰায় ১৪টা ভিন্ন ভাষা ক’ব পাৰে।

আকৌ ইয়াত পণ ব্যৱস্থাটোও ওলোটা হৈ পৰিছে। দৰা পৰিয়ালে কইনাৰ মূল্য আদায় দিয়ে। আৰু বিচ্ছেদ হ’লে সেই সম্পত্তিৰ আধাখিনি পাত্ৰৰ পৰিয়াললৈ ঘূৰাই দিব লাগে।

হাক্কি পিক্কি সম্প্ৰদায়ৰ এনে আজৱ নামকৰণ পদ্ধতি আৰু পৰম্পৰাই স্বাভাৱকিতে আনৰ মনত উৎসুকতাৰ সৃষ্টি কৰি আহিছে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!