আজৱ ঘটনা! ২৫০টাকৈ কুকুৰক হত্যা কৰি ল’লে প্ৰতিশোধ, অৱশেষত বন বিভাগে বন্দী কৰিলে ২টা বান্দৰক

নিউজ ডেস্ক। এশ গৰু মাৰিলে বাঘৰো মৰণ বুলি ফকৰা এষাৰ আছে। এশ গৰু হত্যা কৰি বাঘৰ মৰণ নঘটিলেও অৱশ্যে কুকুৰ বধ কৰি বন্দী হব লগা হ’ল দুটাকৈ বান্দৰ।

এনে নাভূত নাশ্ৰুত ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰত।

ৰাজ্যখনৰ বীডৰ বন বিভাগে ২৫০ টা কুকুৰক প্ৰতিশোধমূলকভাৱে হত্যা কৰাৰ ঘটনাৰ সৈতে জড়িত দুটা বান্দৰক আবদ্ধ কৰে।

monkey-dogs-beed-202112738573

বীডৰ বন বিষয়া শচীন কান্দে সংবাদ সংস্থা ANI ক জনোৱা অনুসৰি কুকুৰ হত্যাৰ সৈতে জড়িত দুটা বান্দৰক বীডৰ নাগপুৰ বন বিভাগৰ দলে বন্দী কৰি অৰণ্যত এৰি দিবলৈ নাগপুৰলৈ স্থানান্তৰিত কৰিছে।

কেইবাখনো প্ৰতিবেদন অনুসৰি, কেইটামান কুকুৰে এটা কেঁচুৱা বান্দৰক হত্যা কৰাৰ পিছত বান্দৰবোৰে প্ৰতিশোধ লোৱাৰ বাবে কুকুৰৰ হত্যাযজ্ঞ আৰম্ভ কৰে।

স্থানীয় গাঁওবাসীয়ে প্ৰকাশ কৰা মতে, বান্দৰবোৰে অঞ্চলটোৰ কুকুৰৰ পোৱালীবোৰ লৈ যায় আৰু অতি উচ্চ ঠাইৰ পৰা তললৈ দলিয়াই হত্যা কৰে। বিগত কিছু মাহত এনেদৰে বান্দৰে ২৫০ টাৰো অধিক কুকুৰ হত্যা কৰিছে।

Pic-10-samakal-61bdcb99008fb

গাঁওবাসীয়ে সদৰী কৰা মতে, লাভুল গাঁৱত বান্দৰবোৰে নিজৰ পোৱালিৰ সৈতে বাস কৰি আহিছে। কিন্তু কিছু মাহ পূৰ্বে অঞ্চলটোৰ কেইটামান কুকুৰে এটা বান্দৰ পোৱালিক হত্যা কৰাৰ পিছতে বান্দৰবোৰেও প্ৰতিশোধ ল’বলৈ আৰম্ভ কৰে।

আনহাতে শেহতীয়াকৈ বান্দৰবোৰে গাঁওখনৰ স্কুলীয়া ল’ৰা-ছোৱালীকো আক্ৰমণ কৰিবলৈ লোৱাত শংকিত হৈ গাঁওবাসীয়ে বন বিভাগক খবৰ দিয়ে। তাৰ পিছতে বন বিভাগৰ দলে কুকুৰ সংহাৰ চলোৱা দুটা বান্দৰক বন্দী কৰিবলৈ সক্ষম হয়।

লগতে চাওকঃ

শোকাৱহ! সুৰাসক্ত ট্ৰাক চালকে মহটিয়াই নিলে বাইক, নিঃশেষ হ’ল এটা পৰিয়াল

Leave a Comment