আজি ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব মাণিক সাহাই…

বিধানসভা নিৰ্বাচনলৈ ১০ মাহ বাকী থকা অৱস্থাতেই সলনি হ’ল ত্ৰিপুৰাৰ ৰাজনৈতিক দৃশ্যপট।
বিপ্লৱ কুমাৰ দেৱক আঁতৰাই মাণিক সাহাক মুখ্যমন্ত্ৰীৰ দায়িত্ব দিলে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই।
আজি ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব মাণিক সাহাই।
উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিচাপে চাৰি বছৰ অতিবাহ কৰাৰ পিছত, বিপ্লব দেৱে শনিবাৰে পদত্যাগ কৰে।
মাণিক সাহা কোন….
মাণিক সাহা পেছাত এজন দন্ত চিকিৎসক। মাণিক সাহাই পাটনাৰ চৰকাৰী দন্ত মহাবিদ্যালয় আৰু লক্ষ্ণৌৰ কিং জৰ্জ মেডিকেল কলেজৰ পৰা দাঁতৰ অস্ত্ৰোপচাৰত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।মাণিক সাহাই আগৰতলাৰ ত্ৰিপুৰা চিকিৎসা মহাবিদ্যালয় আৰু ডাঃ বিআৰএএম শিক্ষণ চিকিৎসালয়ৰ অধ্যাপক হিচাপে দাঁতৰ অস্ত্ৰোপচাৰো শিকায়।
মাণিক সাহাই কংগ্ৰেছ ত্যাগ কৰি ২০১৬ চনত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছিল। ২০২০ চনত, তেওঁ ত্ৰিপুৰা বিজেপি শাখাৰ সভাপতি হিচাপে নিযুক্ত হৈছিল।
চলিত বৰ্ষৰ এপ্ৰিল মাহত তেওঁ ৰাজ্যখনৰ একমাত্ৰ আসনত ৰাজ্যসভালৈ নিৰ্বাচিত হয়।
মাণিক সাহা ত্ৰিপুৰা ক্ৰিকেট সংস্থাৰ সভাপতিও।