অসম
আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি হ’ল কাজিৰঙা ৰাষ্ট্রীয় উদ্যান…

আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি হ’ল কাজিৰঙা ৰাষ্ট্রীয় উদ্যান।
কঁহৰা, বাগৰি ৰেঞ্জৰ নিৰ্ধাৰিত এলেকাহে মুকলি থাকিব পৰ্যটকৰ বাবে।
প্রতিকূল বতৰ আৰু বাট-পথৰ প্রতি লক্ষ্য ৰাখি এই সিদ্ধান্ত উদ্যান কৰ্তৃপক্ষৰ।
বাগৰি ৰেঞ্জৰ ডুঙ্গাৰ টাৱাৰ হৈ বিমলি তিনিআলিলৈ দৰ্শনৰ অনুমতি।
চেন্ট্রেল ৰেঞ্জ কঁহৰাৰ মিহিমুখৰ পৰা ডাফলং হৈ বৈচামাৰী পৰ্যন্ত দৰ্শনৰ অনুমতি।
এই কথা সদৰি কৰিছে পূব অসম বন্যপ্রাণী সংমণ্ডল প্রাধিকাৰীয়ে।