মৰ্মান্তিক! পূজাৰ বজাৰ কৰিবলৈ গৈ দুৰ্ঘটনাত কৰুণ মৃত্যু ৰশ্মিতাৰ…

পূজাৰ আনন্দ-উল্লাসৰ মাজতে এক শোকাৱহ পথ দুৰ্ঘটনা।

পূজাৰ বজাৰ কৰিবলৈ গৈ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটিলে এগৰাকী কিশোৰীয়ে।

নলবাৰীৰ বৰঝাৰত সংঘটিত হৈছে এই শোকাৱহ পথ দুৰ্ঘটনাটো।

নিহত কিশোৰীগৰাকী বৰঝাৰ গাঁৱৰ প্ৰয়াত দীপক ৰাজবংশী আৰু অঞ্জু ৰাজবংশীৰ কনিষ্ঠ কন্যা ৰশ্মিতা ৰাজবংশী।

জানিব পৰা মতে, বায়েক শিখাৰ সৈতে স্কুটীৰে বৰমালৈ গৈছিল বজাৰ কৰিবলৈ। কিন্তু বজাৰ কৰি ঘৰলৈ উভতি অহাৰ পথত এখন তীব্ৰবেগী সেনাৰ বাহনে পিছফালৰ মহতিয়াই নিয়ে স্কুটীখন।

ততাতৈয়াকৈ স্থানীয় ৰাইজে দুয়োকে নলবাৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰাই যদিও ৰশ্মিতা ৰাজবংশীক সংকটজনক অৱস্থাত গুৱাহাটীলৈ প্ৰেৰণ কৰে।

কিন্তু গুৱাহাটীলৈ লৈ গৈ থকাৰ সময়তে মাজবাটতে কৰুণ মৃত্যুক আকোৱালি লয় ৰশ্মিতাই।

ইপিনে বায়েক শিখা ৰাজবংশী বৰ্তমান সুস্থ বুলি জানিব পৰা গৈছে।

বৰমাৰ বিবেকানন্দ বিদ্যা নিকেটনৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী আছিল ৰশ্মিতা।

ৰশ্মিতাৰ এনে আকস্মিক মৃত্যুত সমগ্ৰ অঞ্চলজুৰি পৰিছে শোকৰ ছাঁ।

উল্লেখ্য যে, এবছৰ পূৰ্বে মৃত্যু হৈছিল পিতৃ দীপক ৰাজবংশীৰ।