অসম

আইবা বিশ্ব বক্সিঙলৈ যোগ্যতা অৰ্জন অসমৰ লাভলীনা বৰগোহাঁই আৰু শিৱ থাপাৰ…

ৰাজ্যবাসীৰ বাবে এক ভাল খবৰ!

আইবা বিশ্ব বক্সিঙলৈ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে অসমৰ লাভলীনা বৰগোহাঁই আৰু শিৱ থাপাই।

ছাৰ্বিয়াত ২১ অক্টোবৰৰ পৰা ৬ নবেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া আইবা বিশ্ব চেম্পিয়নশ্বীপ।

দুবাৰৰ অলিম্পিয়ান অৰ্জুন বঁটা বিজয়ী শিৱ থাপাই ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বীপত স্বৰ্ণপদক অৰ্জনেৰে বিশ্ব বক্সিঙলৈ যোগ্যতা অৰ্জন কৰিছে।

আনহাতে, টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰা লাভলীনা বৰগোহাঁয়ে টকিঅ’ত দেখুওৱা সফলতাৰ বাবে তেওঁক ৰাষ্ট্ৰীয় চেম্পিয়নশ্বীপ নেখেলাকৈয়ে সন্মানৰ পৰিচয় হিচাপে পোনে পোনে ছাৰ্বিয়াৰ বিশ্ব বক্সিঙলৈ যাবলগীয়া ভাৰতীয় দলত স্থান দিছে।

সম্প্ৰতি বাংগালুৰুত কঠোৰ অনুশীলনত ব্যস্ত থকা লাভলীনা বৰগোহাঁই আৰু শিৱ থাপাই ছাৰ্বিয়াত অনুষ্ঠিত হ’বলগীয়া আইবা বিশ্ব বক্সিঙত পদক লাভৰ বাবে আপ্ৰাণ চেষ্টা চলাব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button