অসম

আলফা(স্বাঃ)ত যোগদান কৰিবলৈ গৈ আৰক্ষীৰ জালত যুৱক…

আলফা(স্বা)ত যোগদান কৰিবলৈ গৈ অসম আৰক্ষীৰ জালত পৰিল এজন যুৱক।

আটকাধীন যুৱকজনৰ নাম দ্বীপজ্যোতি শইকীয়া।

আসাম ৰাইফলছ আৰু সোণাৰী আৰক্ষীৰ যুটীয়া অভিযানত আটক হয় যুৱকজন।

আটকাধীন যুৱকজনৰ ঘৰ কাৰ্বি আংলং জিলাৰ বৈঠালাংচু আৰক্ষী থানাৰ অন্তৰ্গত ৰূপপথাৰ গাঁৱত বুলি জানিব পৰা গৈছে।

আলফা(স্বা)ৰ সদস্যৰ সৈতে ফেচবুকযোগে যোগাযোগ কৰি সংগঠনটোত যোগদান কৰিবলৈ গৈছিল যুৱকজন।

অধিক তথ্যৰ বাবে আৰক্ষীয়ে বৰ্তমানেও জেৰা অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *