ৰাষ্ট্ৰীয়
অৱতৰণৰ সময়তে ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা, নিহত দুগৰাকী পাইলট

এক ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা।
অৱতৰণৰ সময়তে সংঘটিত হোৱা দুৰ্ঘটনাটোত নিহত দুগৰাকী পাইলট।
ছত্তীশগড়ৰ ৰাজধানী চহৰ ৰায়পুৰত সংঘটিত হৈছে এই দুৰ্ঘটনাটো।
ৰায়পুৰ বিমানবন্দৰত দুৰ্ঘটনাত পতিত হয় এখন চৰকাৰী হেলিকপ্টাৰ।
দুৰ্ঘটনাটোৰ সময়ত হেলিকপ্টাৰত এজন পাইলট আৰু এজন সহপাইলট আছিল।
নিহত পাইলট দুগৰাকী হ’ল- কেপ্টেইন গোপাল কৃষ্ণ পাণ্ডা আৰু কেপ্টেইন শ্ৰীবাস্তৱ।
বৃহস্পতিবাৰে নিশা প্ৰায় ৯:১০ বজাত ৰায়পুৰ বিমানবন্দৰৰ ৰানৱেৰ শেষত দুৰ্ঘটনাটো সংঘটিত হয়।
ঘটনাটোৰ বিষয়ে অৱগত হোৱাৰ পিছত আৰক্ষী, চিআইএছএফ আৰু অগ্নি নিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হয়।