অসম

শিলচৰ-লামডিং ব্ৰডগজ ৰেলপথত ভূমিস্ফলন, কেইবা ঘণ্টা ধৰি বন্ধ ৰে’ল সেৱা…

নেৰানেপেৰা বৰষুণৰ ফলত শিলচৰ-লামডিং ব্ৰডগজ ৰেলপথত ভয়ংকৰ ভূমিস্ফলন।

ওয়াড্ৰিংদিছা আৰু মাইবাঙৰ মাজত হোৱা ভূমিস্খলনৰ ফলত কেইবা ঘণ্টা ধৰি বন্ধ হৈ থাকে ৰে’ল সেৱা।

অৱশেষত ৰেল’ কৰ্তৃপক্ষই যুদ্ধকালীন প্ৰচেষ্টাৰে জেচিবি লগাই পুনৰ ৰে’ল সেৱা আৰম্ভ কৰি তোলে।

উল্লেখ্য যে বিগত দুদিন ধৰি ডিমা হাছাও জিলাৰ লগতে চুবুৰীয়া অঞ্চলত ধৰাষাৰ বৰষুণ হোৱাৰ ফলত পাহাৰীয়া অঞ্চলটোত ঠায়ে ঠায়ে ভূমিস্খলন হোৱাৰ লগতে শিলচৰ-লামডিং ব্ৰডগজ ৰে’লপথতো ভূমিস্ফলন হয়।

ওয়াড্ৰিংদিছা আৰু মাইবাঙৰ মাজত হোৱা এই ভূমিস্ফলনৰ ফলত পাহাৰ লাইনত পুৱা প্ৰায় ৭ বজাৰ পৰা ৰেল’ সেৱা বন্ধ হৈ থাকে।

অৱশেষত প্ৰায় ১০.৩০ বজাত পুনৰ পাহাৰ লাইন ৰে’ল চলাচলৰ বাবে মুকলি কৰি দিয়া হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *