অসুস্থ কণমানি পুত্ৰ আৰু পত্নীক এৰি আলফা(স্বাঃ)লৈ গ’ল ধনজিৎ দাস…

পুনৰ আলফা স্বাধীনলৈ গমন অসমীয়া যুৱক।

এইবাৰ পুত্ৰ-পত্নীক এৰি আলফাত যোগ দিলে বৰপেটাৰ ধনজিৎ দাসে।

বৰপেটাৰ গান্ধী নগৰৰ বাসিন্দা ধনজিৎ দাসৰ আলফা(স্বাঃ)ত যোগদানৰ খবৰে হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে পৰিয়ালৰ মাজত৷

332
অসুস্থ কণমানি পুত্ৰ আৰু পত্নীক এৰি আলফা(স্বাঃ)লৈ গ’ল ধনজিৎ দাস... 3

আৰ্থিক ভাৱে দূৰ্বল ধনজিতৰ আছে পত্নী সৈতে এটি ৪ বছৰীয়া কণমানি পুত্ৰ সন্তান।

জানিব পৰা মতে, বৰপেটা চহৰৰ এখন কাপোৰৰ দোকানত থাকি পৰিয়াল পোহপাল দি আছিল ধনজিৎ দাসে৷

পৰিয়ালৰ লোকে জানিব দিয়া অনুসৰি, ৪ বছৰীয়া ল’ৰা সন্তানটোৰ অসুস্থতাৰ বাবে বিগত প্ৰায় ডেৰমাহমান ধনজিৎ দাসৰ পত্নীয়ে পিতৃৰ ঘৰত আছিলগৈ৷

প্ৰতি দেওবাৰে শহুৰেকৰ ঘৰলৈ গৈ খবৰ লৈ আহে পত্নী আৰু ল’ৰাৰ৷

কিন্তু বৰপেটাৰ দৌল মহোৎসৱৰ পিচদিনাৰ পৰাই পত্নীৰ সৈতে কোনো ধৰণৰ যোগাযোগ নাই ধনজিতৰ৷

সম্প্ৰতি স্বামীক ঘৰলৈ ওভতাই পঠিয়াবলৈ কাতৰ আহ্বান জনাইছে পত্নীয়ে।

লগতে চাওকঃ

শাৰীৰিক বাধাগ্ৰস্ত বৃদ্ধ মহিলাক ‘বিবস্ত্ৰ’ কৰি তালাচী চলােৱা CISF ৰ নিৰাপত্তাৰক্ষীক নিলম্বন

331
অসুস্থ কণমানি পুত্ৰ আৰু পত্নীক এৰি আলফা(স্বাঃ)লৈ গ’ল ধনজিৎ দাস... 4

Leave a Comment