অসম

গুৱাহাটী বিমানবন্দৰত তালাচীৰ নামত নাগালেণ্ডৰ শাৰীৰিক বাধাগ্ৰস্ত বৃদ্ধাক বিবস্ত্ৰ কৰাৰ অভিযোগ…

নিউজ ডেস্ক। গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত কৰ্তব্যৰত কেন্দ্ৰীয় ঔদ্যােগিক নিৰাপত্তা বাহিনী চমুকৈ চিআইএচএফ (CISF) বাহিনীৰ বিৰুদ্ধে উত্থাপন হৈছে এক গুৰুতৰ অভিযোগ।

তালাচীৰ নামত নাগালেণ্ডৰ এগৰাকী ৮০ বছৰীয়া শাৰীৰিক বাধাগ্ৰস্ত বৃদ্ধাক বিবস্ত্ৰ হ’বলৈ বাধ্য কৰোৱাৰ অভিযোগ উত্থাপন কৰিছে মহিলাগৰাকীৰ জীয়ৰীয়ে।

image 11

ভুক্তভোগী মহিলা গৰাকী নাগালেণ্ডৰ বিশিষ্ট লেখিকা ডলি কিকনৰ মাতৃ হালাে কিকন (Mhalo Kikon) বুলি জানিব পৰা গৈছে।

এই সন্দৰ্ভত ডলি কিকনে টুইট কৰি কয় যে, ‘গুৱাহাটী বিমানবন্দৰত CISF ৰ নিৰাপত্তা তালাচীত মোৰ শাৰীৰিক বাধাগ্ৰস্ত ৮০ বছৰীয়া মাতৃক উলংগ হ’বলৈ বাধ্য কৰোৱা হ’ল। তেওঁৰ টাইটেনিয়াম হিপ ইমপ্লান্ট (titanium hip implant)ৰ ‘প্ৰমাণ’ বিচাৰি নিৰাপত্তা কৰ্মীয়ে তেওঁক কাপোৰ খুলিবলৈ বাধ্য কৰায়।’

বিমানবন্দৰৰ নিৰাপত্তাৰক্ষীয়ে আনকি তেওঁৰ বৃদ্ধা মাতৃৰ অন্তৰ্বাস পৰ্য্যন্ত খুলিবলৈ বাধ্য কৰায় বুলি ডলি কিকনে টুইটত উল্লেখ কৰে।

লগতে তেওঁৰ মাতৃৰ সৈতে যোৱা তেওঁৰ ভতিজা-ছোৱালীকো নিৰাপত্তাৰক্ষীয়ে নিৰ্য্যাতন চলাই বুলি উল্লেখ কৰে।

কিকনে টুইটত লগতে কয়, ‘তাই লিখা অভিযোগ পত্ৰখন তেওঁলোকে কাঢ়ি নিয়ে। ‘অনুমতি’ নাই বুলি কৈ তেওঁলোকে তাইক এটা স্ক্ৰিনশ্বট ল’বলৈও নিদিলে।’

যোৱা ১৫ বছৰতকৈ অধিক কাল ধৰি তেওঁৰ মাতৃৰ হিপ ইমপ্লান্ট (hip implant) থকা বুলি উল্লেখ কৰি কিকনে কয় যে, ইয়াৰ পূৰ্বে তেওঁ কোনো দিন এইদৰে অপমানিত হোৱা নাছিল।

ইপিনে এই ঘটনাৰ পিছতে বিমানবন্দৰ কৰ্তৃপক্ষই বৃদ্ধাগৰাকী আৰু তেওঁৰ নাতিনীক লগ ধৰি ক্ষমা খোজাৰ লগতে গোটেই ঘটনাটোৰ তদন্ত কৰা হ’ব বুলি জানিবলৈ দিয়ে।

উল্লেখ্য যে অনুৰূপ ধৰণে কিছুদিন পূৰ্বে সুধা চন্দ্ৰন নামৰ আগশাৰীৰ অভিনেত্ৰী তথা নৃত্যশিল্পীৰ ক্ষেত্ৰতাে তালাচীৰ নামত কৃত্ৰিম ভৰি খুলিবলৈ বাধ্য কৰােৱা হৈছিল।

এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হােৱাৰ পাছত CISF কৰ্তৃপক্ষই ক্ষমাপ্ৰাৰ্থনা কৰিবলৈ বাধ্য হৈছিল।

লগতে চাওকঃ

শােকাৱহ ঘটনা! ট্ৰেন্সফৰ্মাৰৰ বিস্ফোৰণত মৃত্যু স্কুটি আৰোহী পিতা-পুত্ৰীৰ

G5 16

Leave a Reply

Your email address will not be published. Required fields are marked *