অসম

অসমৰ ভুৱা আধাৰ কাৰ্ডসহ গ্ৰেপ্তাৰ আফগান নাগৰিক…

অসমৰ ভুৱা আধাৰ কাৰ্ডসহ গ্ৰেপ্তাৰ আফগান নাগৰিক।

আব্বাছ খান নামৰ আফগান নাগৰিকজনক কেৰালাত গ্ৰেপ্তাৰ।

শনিবাৰে কেৰালা আৰক্ষীয়ে আটক কৰে ২২ বছৰীয়া আব্বাছক।

অভিযুক্ত ব্যক্তিজনে দাবী কৰা অনুসৰি তেওঁৰ পিতৃ আফগানিস্তানৰ যদিও মাতৃ অসমৰ৷

অসমৰ ঠিকনাত আধাৰ কাৰ্ড প্ৰস্তুত কৰি কেৰালাত চাকৰি কৰিছিল লোকজনে৷

নেপাল হৈ ভাৰতত প্ৰৱেশ কৰিছিল লোকজনে৷

পাছত অসমত কোনো লোকৰ দ্বাৰা ভুৱা ঠিকনাৰে আধাৰ বনাইছিল লোকজনে৷

অসমৰ অন্য এজন ব্যক্তিকো গ্ৰেপ্তাৰ কৰা হৈছে।

তিনিমাহৰ ‘ভিজা’ লৈ ভাৰতলৈ আহিছিল যুৱকজন। নগাঁৱৰ পৰা উলিয়াইছিল ভুৱা ঠিকনাৰে আধাৰ কাৰ্ড।

ইতিমধ্যেই কেৰালা আৰক্ষী বিশেষ দল অসমত উপস্থিত হৈ অনুসন্ধান চলাই আছে নগাঁৱত।

আব্বাছক গোপনে আশ্ৰয় দিয়াৰ অপৰাধত অসমৰ ৩ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে৷

কেৰালা আৰক্ষীৰ অভিযানত নগাঁৱৰ পৰাও এজনক গ্ৰেপ্তাৰ কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *