নিউজ ডেস্কঃ লাখ লাখ শিক্ষাৰ্থীৰ ভৱিষ্যতৰ সৈতে খেলি প্ৰশ্নকাকত ফাদিল কাণ্ডক লৈ তোলপাৰ ৰাজ্য, আনফালে বহিঃৰাজ্যত হিন্দু-মুছলমান, কংগ্ৰেছ-মোগলৰ কথাৰে অতি হিন্দুত্ববাদ প্ৰদৰ্শনত ব্যস্ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
গেৰুৱা শিৱিৰত নিজৰ স্থান নিগাজি কৰি ৰাখিবলৈ গৈ কৰ্ণাটক ভ্ৰমণৰ সময়ত পুনৰ হিন্দু-মুছলমান, মাদ্ৰাছা আৰু কংগ্ৰেছক লৈ সৰৱ হৈ পৰিল মুখ্যমন্ত্ৰীগৰাকী।
বৃহস্পতিবাৰে নিশা কৰ্ণাটকৰ এক অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী শৰ্মাই অসমৰ সকলো মাদ্ৰাছা বন্ধ কৰাৰ ঘোষণা কৰাৰ লগতে কংগ্ৰেছক ‘নতুন মোগল’ বুলি অভিহিত কৰে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমত যি প্ৰয়োজন সেয়া হ’ল ৰাজ্য আৰু দেশৰ সেৱাৰ বাবে চিকিৎসক, অভিযন্তা আৰু অন্যান্য পেছাদাৰী ব্যক্তিৰ সৃষ্টি কৰা। এয়া সম্ভৱ কেৱল মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়তহে, মাদ্ৰাছাত নহয়।
মুখ্যমন্ত্ৰীয়ে কয়, “মই অসমৰ পৰা আহিছো, য’ত বাংলাদেশৰ পৰা দৈনন্দিন অবৈধ প্ৰবজন ঘটে। যাৰ বাবে আমাৰ সংস্কৃতি আৰু পৰম্পৰাৰ প্ৰতি ভাবুকি আহিছে।”
তেওঁ লগতে কয়, “শেহতীয়াকৈ দিল্লীত এটা টিভি সাক্ষাৎকাৰত মোক সোধা হৈছিল যে ৬০০খন মাদ্ৰাছা বন্ধ কৰাৰ মোৰ উদ্দেশ্য কি আছিল। মই কৈছিলো যে মই ৬০০খন বন্ধ কৰিছো, কিন্তু মোৰ উদ্দেশ্য হৈছে সকলো মাদ্ৰাছা বন্ধ কৰা।”
বিৰোধী দলক সমালোচনা কৰি শৰ্মাই কংগ্ৰেছ আৰু কমিউনিষ্টক ইতিহাস বিকৃত কৰা আৰু তথ্য ভুলকৈ উপস্থাপন কৰাৰ অভিযোগ উত্থাপন কৰে। তেওঁ কংগ্ৰেছক “নতুন মোগল” বুলিও অভিহিত কৰে।
তেওঁ কয়, “এই ‘নতুন ভাৰত’ত মাদ্ৰাছাৰ কোনো প্ৰয়োজন নাই। আমি এই দিশত আগবাঢ়িব লাগিব, আমি আমাৰ শিক্ষা ব্যৱস্থাক ৰূপান্তৰিত কৰিব লাগিব; আমাৰ ইতিহাসক নতুন ধৰণেৰে পুনৰ লিখাৰ সময় আহি পৰিছে।”
এই দেশত বৃহৎ সংখ্যক লোক আছে, যিয়ে নিজকে মুছলমান বা খ্ৰীষ্টান বুলি গৌৰৱেৰে দাবী কৰে, সেই কথা আঙুলিয়াই দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, “মোৰ কোনো আপত্তি নাই, কিন্তু আমি এনেকুৱা মানুহ বিচাৰো যিয়ে গৌৰৱেৰে ক’ব যে মই এজন ‘হিন্দু’।”
ইয়াৰ পিছত শৰ্মাই ১৭ শতিকাৰ মোগল শাসক ঔৰংগজেবে হিন্দু ধৰ্ম ধ্বংস কৰিবলৈ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰে।
তেওঁ কয়, “আজিলৈকে ভাৰত সনাতনী আৰু হিন্দু। সূৰ্য্য আৰু চন্দ্ৰৰ অস্তিত্ব থকালৈকে ভাৰতে নিজৰ পৰম্পৰাৰ ভিত্তিত আগবাঢ়ি যাব।’’
মুখ্যমন্ত্ৰীগৰাকীয়ে ভাৰতৰ ইতিহাস কেৱল শিৱাজী, দুৰ্গাদাস ৰাথোৰ আৰু গুৰু গোবিন্দ সিঙৰ ইতিহাস বুলি জোৰ দি দাবী কৰি কয়, “কংগ্ৰেছ আৰু কমিউনিষ্টসকলে বাবৰ, শ্বাহজাহান আৰু ঔৰংজেবৰ ইতিহাস ভাৰতৰ ইতিহাস হিচাপে ৰচনা কৰিছে।”
অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ আৰু কাশী, উজ্জয়িন, আৰু কামাখ্যা আদিত কৰিডৰ নিৰ্মাণৰ বিষয়ে কোৱাৰ সময়ত শৰ্মাই দাবী কৰে যে “দিল্লীৰ বাদশ্বাহসকলে মন্দিৰ ধ্বংস কৰাৰ কাম কৰিছিল”।
কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সময়ত মন্দিৰ নিৰ্মাণৰ কাম হৈ আছে বুলিও তেওঁ কয়।
তেওঁ ভাৰতৰ মোগল শাসকসকলক বিৰোধী দল কংগ্ৰেছৰ সৈতে তুলনা কৰে।
তেওঁ কয় যে আগতে মোগলে ভাৰতক দুৰ্বল কৰাৰ চেষ্টা কৰিছিল, এতিয়া কংগ্ৰেছে সেই কাম কৰি আছে।
কংগ্ৰেছক সমালোচনা কৰি তেওঁ কয়, “কংগ্ৰেছৰ লোকসকল আজিৰ নতুন মোগল…. ৰাম মন্দিৰৰ প্ৰতি তেওঁলোকৰ আপত্তি আছে। আপোনালোক (কংগ্ৰেছ) মোগলৰ সন্তান নেকি? ৰাম মন্দিৰৰ পক্ষত নহয় বাবৰি মছজিদৰ পক্ষত কিয় কথা কয়? তেওঁলোকে নতুন মোগলক প্ৰতিনিধিত্ব কৰে।”