অসমঅসমীয়া

অৰুণাচলত হেলিকপ্টাৰ দুৰ্ঘটনাত শ্বহীদ দুই পাইলটক তেজপুৰত শেষ শ্ৰদ্ধা ভাৰতীয় সেনাৰ…

নিউজ ডেস্কঃ অৰুণাচলৰ হেলিকপ্টাৰ দুৰ্ঘটনাত শ্বহীদ ভাৰতীয় সেনাৰ দুই পাইলটক শ্ৰদ্ধাঞ্জলি তেজপুৰত।

শুকুৰবাৰে তেজপুৰত ভাৰতীয় সেনাৰ দ্বাৰা শেষ শ্ৰদ্ধা জ্ঞাপন শ্বহীদ পাইলট দুগৰাকীক।

image 32

উল্লেখ্য যে, বৃহস্পতিবাৰে অৰুণাচল প্ৰদেশৰ ব’মডিলাত দুৰ্ঘটনাত পতিত হৈছিল ভাৰতীয় সেনাৰ এখন চিতা হেলিকপ্টাৰ।

image 33

এই ভয়ংকৰ দুৰ্ঘটনাত শ্বহীদ হয় সেনা বিমান পৰিবহণৰ লেফটেনেন্ট কৰ্ণেল ভি ভি বি ৰেড্ডী আৰু মেজৰ জয়ন্ত এ।

image 34

তেজপুৰত দুয়োগৰাকী শ্বহীদ পাইটলক সামৰিক সন্মানেৰে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছত বিশেষ সামৰিক বিমানেৰে দুয়োগৰাকী শ্বহীদৰ নশ্বৰ দেহ তেলেংগানাৰ হায়দৰাবাদ আৰু তামিলনাডুৰ মাদুৰাইৰ স্বগৃহলৈ প্ৰেৰণ কৰা হয়।