অসমত আৰু পাঁচখন সৈনিক স্কুল স্থাপনৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰীক অনুৰোধ মুখ্যমন্ত্ৰীৰ…

অসমত আৰু পাঁচখন সৈনিক স্কুল স্থাপনৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰীক অনুৰোধ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাত কৰি এই অনুৰোধ জনায়।

মুখ্যমন্ত্ৰীয়ে কৰা এক টুইট অনুসৰি, গোলাঘাট, কাছাৰ, ধেমাজি, কাৰ্বি আংলং আৰু কোকৰাঝাৰ জিলা প্ৰশাসনে ইয়াৰ বাবে প্ৰয়োজনীয় ভূমি চিনাক্ত কৰিছে।

লগতে সীমান্ত পথ সংস্থাৰ পৰিকল্পনা অনুসৰি তেজপুৰত নিৰ্মাণ হ’বলগীয়া ব্ৰহ্মপুত্ৰ পানী সুৰংগ প্ৰকল্পটোৰ কাম ত্বৰান্বিত কৰাৰ বাবেও প্ৰতিৰক্ষা মন্ত্ৰীক অনুৰোধ জনায় মুখ্যমন্ত্ৰীয়ে।

ইপিনে বুধবাৰে মুখ্যমন্ত্ৰী শৰ্মাই দিল্লীত কেন্দ্ৰীয় পথ আৰু পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰি ৰাজ্যখনত ৰূপায়ণ হৈ থকা বিভিন্ন ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ স্থিতি সম্পৰ্কে আলোচনা কৰে।

উল্লেখ্য যে, এক বিশেষ প্ৰশিক্ষণৰ বাবে দেশৰ ৰাজধানী নতুন দিল্লীত বাহৰ পাতিছে অসম বিজেপিৰ সকলো মন্ত্ৰী বিধায়ক।

Leave a Comment