অসম

মূল্যবৃদ্ধিৰ ক্ষেত্ৰত চৰকাৰখনৰ কৰণীয় আছেঃ আইমী বৰুৱা…

অত্যাৱশ্যকিয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে কোঙা কৰিছে সাধাৰণ জনতাক।

পেট্ৰ’ল-ডিজেল তথা ইন্ধনজাত সামগ্ৰীৰ লগতে প্ৰতিদিনে বৃদ্ধি হৈছে অত্যাৱশ্যকিয় সামগ্ৰীৰ মূল্য।

মূল্যবৃদ্ধিৰ বিৰুদ্ধে ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন দল সংগঠনে।

ইয়াৰ মাজতে এইবাৰ মূল্যবৃদ্ধিক লৈ সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অভিনেত্ৰী আইমী বৰুৱাই।

তেজপুৰ চহৰত বৃহস্পতিবাৰে এখন জুৱেলাৰীৰ বিপনী উন্মোচন কৰি অভিনেত্ৰী আইমী বৰুৱাই কয়- মূল্যবৃদ্ধিয়ে প্ৰতিজন ব্যক্তিকে প্ৰভাৱাম্বিত কৰে। বহু লোকে ইতিমধ্যে কৈছে যে মূল্যবৃদ্ধি সকলো ফালৰ পৰা কিছু বেছি হৈছে। আচলতে দুটা বছৰ বিভিন্ন মানুহে বহু কষ্ট পাইছে। তাৰপাছত এই মূল্যবৃদ্ধিৰ বাবে আৰু বেছি মানুহে কষ্ট পোৱাটো মই নিবিচাৰো।

তেওঁ লগতে সংবাদ মাধ্যমৰ আগত কয়- এই চৰকাৰখনে মূল্যবৃদ্ধিৰ ক্ষেত্ৰত কাম কৰিব লগা আছে বুলি মই ভাবো। কিন্তু বাকী বহু ক্ষেত্ৰত তেওঁলোকে ইমান সুন্দৰকৈ পদক্ষেপ লৈছে। গতিকে মই আশাবাদী যে মূল্যবৃদ্ধিৰ সন্দৰ্ভত অতি শীঘ্ৰেই চৰকাৰে কিবা এটা পদক্ষেপ ল’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *