অলৌকিক! এটা বান্দৰৰ শৰীৰত থিতাপি ল’লে মৃতকৰ আত্মাই, তাৰ পিছত… এইখন অসমৰে ঘটনা এয়া…

নিউজ ডেস্কঃ সামাজিক মাধ্যমত প্ৰায়ে কেতবোৰ অবিশ্বাস্য ঘটনাৰ কাহিনী ভাইৰেল হৈ পৰে।

বিশ্বাস-অবিশ্বাসৰ দোমোজাত মন-মস্তিস্কক বিবুধিত পেলোৱা বহু ফটো-ভিডিঅ’ই লাভ কৰে চৰ্চা।

তেনে এক ঘটনাই এতিয়া পুনৰ এবাৰ চৰ্চিত হৈছে সামাজিক মাধ্যমত। ঘটনাৰ স্থান অসমৰে হাজো।

হাজোৰ এগৰাকী মৃতকৰ পৰিয়াল আৰু গাঁওবাসীৰ বিশ্বাস অনুসৰি এটা বান্দৰৰ শৰীৰত থিতাপি লৈছে সদ্যপ্ৰয়াত লোকজনৰ আত্মাই।

শ্মসানৰ পৰা মৃতকৰ পুত্ৰৰ কান্ধত উঠি বান্দৰটোৱে আহিছে ঘৰলৈ।

তাৰ পিছতে ভাগ লৈছে মৃতকৰ দহা-কৰ্মৰ পূজা অৰ্চনাত।

দৰাচলতে ১০ দিন পূৰ্বে মৃত্যু ঘটিছিল হাজোৰ ধনজিৎ নামৰ এজন ব্যক্তিৰ পিতৃৰ।

বৃহস্পতিবাৰে ব্যক্তিজনৰ দহা কৰ্মৰ বাবে ধনজিৎ আৰু তেওঁৰ ভাতৃয়ে নৈৰ পাৰত মুণ্ডন কৰিবলৈ যায়।

নৈৰ পাৰত নাপিতে চুলি খুৰাই থকাৰ সময়তে এটা বান্দৰ আহি ধনজিতৰ কোলাত বহে।

আৰু পৰৱৰ্তী সময়ত মুণ্ডন পৰ্ব শেষ হোৱাৰ পিছত ধনজিতৰ কান্ধত উঠি ঘৰলৈও আহে বান্দৰটো।

ঘৰত পিতৃৰ দহা-কৰ্মত ভাগ লৈ দুই পুত্ৰৰ সৈতে বান্দৰটোৱেও ফুল-নৈবদ্য আগবঢ়ায়।

সকলো সময়তে পৰিয়ালটোৰ কাষত থকা বান্দৰটোৱে সকলোকে চুমাও যাঁচে।

বান্দৰটোৰ এনে কাৰ্যৰ বাবে এতিয়া সকলোৱে বান্দৰটোৰ শৰীৰত মৃতকৰ আত্মাই থিতাপি লোৱা বুলি বিশ্বাস কৰিবলৈ আৰম্ভ কৰিছে।