ৰাষ্ট্ৰীয়অসমীয়া

অবৈধভাৱে কয়লা খনন কৰি থকাৰ সময়তে সংঘটিত দুৰ্ঘটনা, একে পৰিয়ালৰ ৪ জনৰ মৃত্যু

নিউজ ডেস্ক। পশ্চিমবংগৰ পশ্চিম বৰ্ধমানৰ লাউদোহাত অবৈধভাৱে কয়লা খনন কৰি থকা সময়ত প্ৰকাণ্ড কয়লাখণ্ড খহি পৰাৰ ফলত একে পৰিয়ালৰে চাৰিজন লোকৰ মৃত্যু ঘটে।

ঘটনাস্থলীত উদ্ধাৰকাৰী দলে বৰ্তমানো উদ্ধাৰ অভিযান চলাই আছে।

25

আৰক্ষীসূত্ৰই জনোৱা অনুসৰি, দুৰ্গাপুৰৰ ফৰিদপুৰ আৰক্ষী থানাৰ অন্তৰ্গত লাউদোহাৰ মাধাইপুৰৰ এটা আইনী কয়লা খনিত মাজনিশা কেইবাজনো লোকে অবৈধ ভাৱে খনন কাৰ্য্য চলাই আছিল। সেই সময়তে বৃহৎ কয়লা খণ্ডখহি পৰাৰ ফলত কেইবাজনো লোক ভিতৰত আবদ্ধ হৈ।

দুৰ্ঘটনাত একেটা পৰিয়ালৰে ৪ জন লোক নিহত হোৱাৰ লগতে আন কেইবাজনো আহত হয়।

ইফালে এই দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিছতে লাউদোহা আৰু পাণ্ডৱেশ্বৰ আৰক্ষী থানাৰ আৰক্ষী বুধবাৰে পুৱা ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে।

coal-1

কয়লা খনিৰ ভিতৰৰ পৰা উদ্ধাৰকাৰী দলে ৪ টা মৃতদেহ উদ্ধাৰ কৰে। আনহাতে এজনক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও পিছত হাস্পতালতে মৃত্যু ঘটে।

কয়লাখনিৰ ভিতৰত এতিয়াও লোক আৱদ্ধ হৈ থকাৰ সন্দেহ কৰি উদ্ধাৰৰ বাবে চেষ্টা চলাই থকা হৈছে।

আনহাতে পুৱা পাণ্ডৱেশ্বৰৰ বিধায়ক নৰেন্দ্ৰনাথ চক্ৰৱৰ্তীয়েও ঘটনাস্থলী পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়।

তেওঁ কয়, “এইটো এটা অতি দুখজনক ঘটনা। আইনী কয়লা খনিত অবৈধভাৱে কয়লা খনন কৰোঁতে পাঁচজন লোক আৱদ্ধ হৈছিল। এজন লোকক আৰক্ষীয়ে সংকটজনক অৱস্থাত উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰে। এই ঘটনাত চাৰিজন লোকৰ মৃত্যু হৈছে।”

লগতে চাওকঃ

তীব্ৰবেগী ট্ৰাকে মহটিয়াই নিলে স্কুটী, দুই কণমানি ছাত্ৰীসহ শিক্ষয়িত্ৰীৰ থিতাতে মৃত্যু

photo-2022-01-25-16-53-16

Related Articles

Leave a Reply

Back to top button