অসমীয়াঅসম

অন কেমেৰা অধ্যাপিকাক ধমক বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ, পৰীক্ষাত প্ৰদৰ্শন বেয়া হ’লে বিদ্যালয় বন্ধ কৰাৰ দিলে সকীয়নী

নিউজ ডেস্কঃ পৰীক্ষাত বেয়া ৰিজাল্ট কৰিলে বিদ্যালয়ত তলা লগাই দিয়াৰ সকিয়নী দিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। শুকুৰবাৰে মৰিয়নীৰ বিধায়কগৰাকীয়ে নিজ সমষ্টিৰ ঐতিহ্যমণ্ডিত মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়খন আকস্মিক পৰিদৰ্শন কৰি বিদ্যালয়খনৰ বেয়া ফলাফলৰ বাবে দুখ ব্যক্ত কৰে।

বিদ্যালয়খনৰ অধ্যাপিকাক অন কেমেৰা এশিকনি দি এনেদৰেই ফলাফল বেয়া হৈ থাকিলে বিদ্যালয়খনৰ উচ্চতৰ মাধ্যমিক শিক্ষা বন্ধ কৰি কেৱল প্ৰাথমিক শিক্ষা চলাই থকাৰ সকিয়নী দিলে ৰূপজ্যোতি কুৰ্মীয়ে।

উল্লেখ্য যে, মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এইবাৰৰ পৰীক্ষাৰ ফলাফল অতি দুৰ্বল আছিল। উচ্চতৰ মাধ্যমিকত কলা শাখাত মুঠ ৩৬ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত মাত্ৰ ১২ জনহে উত্তীৰ্ণ হৈছিল। সেইদৰে বাণিজ্য শাখাত মাত্ৰ দুজন ছাত্ৰৰ বিপৰীতে ৭ গৰাকীকৈ শিক্ষক থকাৰ পিছতো পৰীক্ষাত মাত্ৰ এজনেহে উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছিল।

বিদ্যালয়খনৰ এনে অসন্তোষজনক প্ৰদৰ্শনত আক্ষেপ ব্যক্ত কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। যাৰ বাবে বিদ্যালয়খনত আকস্মিকভাৱে উপস্থিত হৈ অধ্যাপিকাক ধমক প্ৰদান কৰাৰ লগতে অহা বছৰলৈও এনে প্ৰদৰ্শন অব্যাহত থাকিলে বিদ্যালয়খনৰ উচ্চতৰ মাধ্যমিক শিক্ষা বন্ধ কৰি দিয়া হ’ব বুলি সকীয়াই দিয়ে।

Related Articles

Back to top button